শুকুৰবাৰে অসম ভ্ৰমণৰ দ্বিতীয় দিনা পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত জীপ ছাফাৰীৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে উদ্যানখন ভ্ৰমণ কৰে।

জানিব পৰা মতে, তেওঁ মিহিমুখ পইণ্টৰ পৰা উদ্যানখনৰ ভিতৰলৈ সোমায় আৰু উদ্যানৰ জীৱ-জন্তুৰ লগতে এক শিং থকা গঁড়,  বনৰীয়া ম’হ,  হৰিণ আদি প্ৰত্যক্ষ কৰে। উদ্যানৰ ভিতৰতে তেওঁ হাতীকো খাদ্য খুৱাই।

আনহাতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হাইস্কুলৰ খেলপথাৰত দুদিনীয়া ‘গজ উৎসৱ-২০২৩’ উদ্বোধনী অনুস্থানত উপস্থিত খাকে। লগতে এই অনুস্থানত অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকে।

আজি বিয়লি গুৱাহাটীলৈ ৰাওনা হ’ব ৰাষ্ট্ৰপতিগৰাকী। তেওঁ মাউণ্ট কাঞ্চনজংঘা অভিযান-২০২৩′ৰ পতাকা উত্তোলন কৰিব আৰু সন্ধিয়া গৌহাটী উচ্চ ন্যায়ালয়ৰ প্লেটিনাম জয়ন্তী উদযাপনত অংশগ্ৰহণ কৰিব।

আৰু শনিবাৰে দিল্লীলৈ ৰাওনা হ’ব ৰাষ্ট্ৰপতিগৰাকী। তিনিদিনীয়া অসম ভ্ৰমণ কাৰ্য্যসূচীৰ কাইলৈ সমাপ্ত হব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply