পুনৰ বাঢ়িল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম।
আজিৰে পৰা কাৰ্যকৰী হ’ব ৰন্ধন গেছৰ চিলিণ্ডাৰৰ এক নতুন নিৰিখ।
আজিৰ পৰা গুৱাহাটীত প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ মূল্য হ’ব ১১৫২ টকা আৰু প্ৰতিটো ব্যৱসায়িক চিলিণ্ডাৰৰ দাম হ’ব ২৩৬০ টকা।
আৰু ১৪.২ কিলোগ্ৰামৰ ঘৰুৱা চিলিণ্ডাৰৰ দাম ৫০ টকাকৈ বৃদ্ধি পাইছে।
আনহাতে, দিল্লীত আজিৰে পৰা প্ৰতিটো ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ দাম হ’ব ১১০৩ টকা। আৰু প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ’ব ২১১৯.৫০ টকা।
আনহাতে, ১৯ কিলোগ্ৰামৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৩৫০.৫০ টকাকৈ বৃদ্ধি কৰা হৈছে।
চলিত বৰ্ষত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য দ্বিতীয়বাৰৰ বাবে বৃদ্ধি হোৱা দেখা গৈছে।
জানুৱাৰীত প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম ২৫ টকাকৈ বৃদ্ধি পাইছিল।
উল্লেখযোগ্য যে প্ৰতি মাহৰ প্ৰথমটো দিনত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম সলনি হয়।