নিউজ ডেস্কঃ ৰাজ্যৰ সান্ধ্য আইন আৰু মিনি লকডাউন সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰীৰ ঘোষণা।
পৰিস্থিতি উন্নত হলে ১৫ জুনৰ পৰা আৰম্ভ হ’ব পাৰে UNLOCK প্ৰক্ৰিয়া । শিথিল হ’ব পাৰে মিনি লকডাউন ।
অৱশ্য়ে এই ক্ষেত্ৰত এতিয়াই সিদ্ধান্ত গ্ৰহণ কৰা নাই যদিও মুখ্যমন্ত্ৰীয়ে বিবেচনা কৰি পৰিস্থিতি উন্নত হ’লে ১৫ জুনৰ পৰা কিছু শিথিল হ’ব পাৰে ।
অহা ৭জুন পৰ্যন্ত ৰাজ্যত অব্যাহত থাকিব সান্ধ্য আইনৰ কঠোৰ নিৰ্দেশনা।
৭ জুনত পুনৰ জাৰি কৰা হব নতুন SOP।
অসম চৰকাৰে ক’ভিড-১৯ৰ বাবে চলি থকা কাৰ্ফিউৰ লগতে আন্তঃজিলা ভ্ৰমণ নিষিদ্ধকৰণৰ ওপৰত অহা ৭ জুন তাৰিখে সিদ্ধান্ত ল’ব।
আৰু পঢ়কঃব্যক্তিগত হাস্পতালত কোভিড চিকিৎসাৰ নিৰিখ নিৰ্ধাৰণ কৰিলে অসম চৰকাৰে
শুকুৰবাৰে গুৱাহাটীত এক সংবাদমেলত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এই বিষয়ে উল্লেখ কৰে।
মহন্তই লগতে কয় যে যোৱা পূৰ্বৰ তুলনাত কেইদিনত ৰাজ্যখনত ক’ভিড-১৯ ৰ সংক্ৰমণ হ্ৰাস পাইছে । যাৰ ফলত ৰাজ্যৰ ক’ভিড পৰিস্থিতি কিছু উন্নতি হৈছে।
“ক’ভিড-১৯ সংক্ৰমণ হ্ৰাস পাইছে। তুলনামূলকভাৱে মৃত্যুৰ হাৰো হ্ৰাস পাইছে। ৰাইজৰ এই সহযোগিতাৰ বাবে ক’ভিড-১৯ সংক্ৰমণ হ্ৰাস পাইছে। আমি আজি নিষেধাজ্ঞাবোৰ পৰ্যালোচনা কৰা নাই। পৰিস্থিতিটো বিবেচনা কৰি আমি ৭ জুনত সিদ্ধান্ত গ্ৰহণ কৰিম।”