শিৱসাগৰঃ ডাকঘৰৰ যোগেদি সা – সামগ্ৰী প্ৰেৰণ কৰাৰ ক্ষেত্ৰত এতিয়াৰে পৰা সাৱধান হওক। কাৰণ আপুনি ডাক যোগে পাৰ্চেল কৰা সামগ্ৰী গন্তব্যস্থল পোৱাৰ আগতেই আধা বাটতে হ’ব পাৰে সলনি !
এনে ঘটনা ঘটিছে শিৱসাগৰত। শিৱসাগৰৰ ধাই আলিৰ নিবাসী ৰফিউল ওমন খান নামৰ ব্যক্তিজনে এনে এক অভিযোগ লৈয়ে কাষ চাপিল শিৱসাগৰ প্ৰধান ডাকঘৰ কৰ্তৃপক্ষৰ ।
ৰফিউলৰ অভিযোগ অনুসৰি যোৱা ১৭ আগষ্টত তেওঁৰ ভগ্নীয়ে ডাক যোগে পাৰ্চেল কৰি দিল্লীৰ পৰা ৫-১০ হেজাৰ টকাৰ মূল্যৰ কেতবোৰ সামগ্ৰী পঠিয়াইছিল।
লগতে পঢ়কঃনগাঁও কঠিয়াতলীত গাঞ্জা জব্দ
কিন্তু শুকুৰবাৰে সেই পাৰ্চেল খুলি হতবাক হৈ পৰে ৰফিউল । কাৰণ তেওঁৰ ভগ্নীয়ে ডাকযোগে পঠিওৱা সামগ্ৰীৰ পৰিবৰ্তে উলাই আনে ব্যৱহাৰ কৰা ফটা চিটা কাপোৰৰ টোপোলাহে ।
লগে লগে এই বিষয়টো ৰফিউলে শিৱসাগৰ ডাকঘৰ পোষ্ট মাষ্টৰক লিখিতভাৱে অৱগত কৰে। ইপিনে ডাকঘৰৰ মেনেজাৰে বিগত কিছুদিনৰ পৰা এনেধৰণৰ কেইবাটাও অভিযোগ লাভ কৰা বুলি সদৰি কৰাৰ লগতে তদন্তৰ বাবে উধ্বতন কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰা বুলি জনাইছে।
এনে ঘটনাই ডাক ব্যৱস্থাৰ ওপৰত বিশ্বাস থকা সকলকো স্বাভাবিকতে বিমোৰত পেলাইছে।