গুৱাহাটী- অসমৰ সকলো ব্যক্তিৰে পৰিচিত মানিমুনি শাক। আমাৰ চাৰিওফালৰ পৰিৱেশত সহজেই হোৱা আৰু বহু লোকৰ বাৰীত নিজেই হোৱা এই শাকবিধ প্রায় সকলোৰে চিনাকি। ই এবিধ সৰু শাক-বনজাতীয় উদ্ভিদ। এই শাকবিধৰ গুণাগুণৰ বিষয়ে জানো আহক-

১/ মানিমুনিৰ পাত দি বেঙেনা বা অমিতাৰ আঞ্জা ৰান্ধি প্ৰতিদিনে এমাহ খালে হজম শক্তি বৃদ্ধি পায়।

২/ অতিমাত্ৰা জ্বৰ হৈ থাকিসে মানিমুনিৰ পাতৰ ৰস এচামুচ আৰু শেৱালি ফুল গছৰ পাতৰ ৰস এচামুচ মিহলাই খালে ভাল ফল পোৱা যায়।

৩/ সামান্য পৰিমাণৰ আম গছৰ ছাল, আনাৰসৰ কেঁচা পাত, কেঁচা হালধিৰ ৰস, ৪/৫ ডাল মানিমুনি শাকৰ শিপা ভালদৰে ধুই একেলগে বটি ৰস উলিয়াই খালী পেটত খালে পেটৰ অসুখ ভাল হয়।

৪/ সদায় পুৱা খালী পেটত চাৰি চামুচ মানিমুনিৰ ৰস আৰু এচামুচ মৌ মিহলাই এসপ্তাহ খালে তেজ পৰিষ্কাৰ হয়।

৫/ সদায় পুৱা মানিমুনিৰ ৰস এচামুচ ৫/৬ টোপাল হালধিৰ ৰসত সামান্য চেনি আৰু মৌ মিহলাই এমাহলৈ খালে যকৃতৰ সমস্যা ভাল হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply