নিউজ ডেস্কঃ ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাইছে আক্ৰান্তৰ হাৰ। সোমবাৰে মুঠ ৬৩৯৪ জন লোক কৰোনাত আক্ৰান্ত হৈছে। অসমত আক্ৰান্ত হাৰ ৬.৯৯%, সুস্থ হোৱাৰ হাৰ হৈছে ৮৫.৭৩ শতাংশ ।

পিছে আক্ৰান্তৰ হাৰ কম হৈছে যদিও বৃদ্ধি পাইছে কোভিডত মৃত্যুৰ সংখ্যা। এদিনতে সৰ্বাধিক ৯২ জন লোকৰ মৃত্যু হৈছে অসমত।

আজিৰ দিনটোত ৯১৪৮১ জন লোকক পৰীক্ষা কৰোৱা হয় | কামৰূপত মেট্ৰ’ত আজি ১১০০ জন লোক আক্ৰান্ত হয় |

লখিমপুৰত আক্ৰান্তৰ সংখ্যা ১৯০১ জনলৈ বৃদ্ধি পাইছে ৷ সোমবাৰৰ দিনটোতে ১০৭ জন লোক কৰোনাত আক্ৰান্ত হৈছে আৰু মৃত্যু হৈছে তিনি জনৰ ৷
আৰু পঢ়কঃ মানকাচৰত সান্ধ্য আইন নমনা লোকৰ বিৰুদ্ধে আৰক্ষীৰ শাস্তিমূলক ব্যৱস্থা

শোণিতপুৰ জিলাত সোমবাৰৰ দিনটোত ছয় জন লোকৰ মৃত্যু হয়।

নিহত লোককেইজন হৈছে বিৰেশ্বৰ ৰাভা, অধীৰ সুত্ৰধাৰ, প্ৰদীপ শইকীয়া, অনিল কুমাৰ ঝা , বীৰেন হাজৰিকা আৰু এজনৰ পৰিচয় লাভ কৰিব পৰা হোৱা নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply