নিউজ ডেস্কঃ দুৰ্গা পূজাৰ পিছতে ৰাজ্যত ক’ভিড সংক্ৰমণৰ হাৰ পুনৰ বৃদ্ধি পাইছে।
অসমত পুনৰ ২৬৯জন লোক কোৰোণাত আক্ৰান্ত হৈছে। ইয়াৰে ৬১জন কামৰূপ মেট্ৰ’ৰ, ৩৩জন বৰপেটাৰ, ২৭জন যোৰহাটৰ আৰু ২০জন গোলাঘাটৰ।
এতিয়ালৈকে ৰাজ্যত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৬০৬২৬৩জনলৈ বৃদ্ধি পাইছে। ইফালে, শনিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হয় ২৯০জন লোক।
লগতে পঢ়কঃমহানগৰীৰ দিছপুৰ যান-বাহন আৰক্ষীৰ জালত পৰিল সুৰামত্ত দুই যুৱতী
আনহাতে, উক্ত দিনটোত অসমত কোৰোনাত আক্ৰান্ত হৈ ৫জনৰ মৃত্যু হয়।
ভাৰতত ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে কোৰোনাৰ সংক্ৰমণ। যোৱা ২৪ ঘন্টাত দেশত ১৪১৪৬জন লোক কোৰোনাত আক্ৰান্ত হৈছে। এই সময়চোৱাত ভাৰতত সুস্থ হৈছে ১৯৭৮৮জন লোক।
ইয়াৰ বিপৰীতে এই সময়চোৱাত কোৰোনাত আক্ৰান্ত ১৪৪জনৰ মৃত্যু হয়। স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, এতিয়াও দেশত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১৯৫৮৪৬জন ৰোগী।
ইফালে, যোৱা ২৪ ঘন্টাত দেশত ৪১২০৭৭২জন লোকক কোভিড ভেকচিন দিয়া হৈছে।