নিউজ ডেস্কঃ সুদীর্ঘ ১৬ দিনীয়া বিৰামহীন অপেক্ষাৰ পাচত অৱশেষত দুৰ্ভগীয়া পৰিয়ালটোক আজি চমজাই দিয়া হ’ল ডিম্বেশ্বৰ মুছাহাৰীৰ গুলীবিদ্ধ মৃতদেহটো। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জি এম চি এইচ)ত দিনৰ প্ৰায় আঢ়ৈ বজাত পৰিয়ালৰ হাতত ডিম্বেশ্বৰৰ মৃতদেহটো গতাই দিয়ে চি আই ডিয়ে। সুদীর্ঘ ১১ দিন ধৰি ডি এন এ পৰীক্ষা চলাৰ পিচত আজি পুনৰবাৰ নিশ্চিত হয় মৃতদেহটো কেনাৰাম বড়োৰ নহয়, ডিম্বেশ্বৰ মুছাহাৰীৰহে।
লগে লগে পুনৰবাৰ উন্মোচন হ’ল এনকাউন্টাৰৰ নামত ৰাজ্যত চলি থকা ভয়াৱহ আৰক্ষীৰাজৰ কথা। কোনো বাছ-বিচাৰ নকৰাকৈ আৰক্ষীয়ে চলোৱা গুলীত দুর্ধর্ষ ডকাইত কেনাৰাম বড়োৰ ঠাইত ডিম্বেশ্বৰ মুছাহাৰীৰহে যে মৃত্যু হৈছিল, ডি এন এ পৰীক্ষাই তাকেই প্ৰমাণ কৰা বুলি আজি চি আই ডিয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰে। অসম আৰক্ষী, ওদালগুৰি আৰক্ষী, ৰাজ্য চৰকাৰৰ ওফাইদাং মৰা সকলোধৰণৰ দাবীকে নস্যাৎ কৰি ডি এন এ পৰীক্ষাই যেন উন্মোচন কৰিলে ভুৱা এনকাউন্টাৰৰ সত্যতা। লগে লগে উন্মোচন হ’ল মানৱ অধিকাৰৰ নামত ৰাজ্যত চলি থকা প্ৰহসনৰ তথ্য।
দুৰ্ধৰ্ষ ডকাইত কেনাৰাম বুলি আৰক্ষীয়ে ডিম্বেশ্বৰক হত্যা কৰা, ডিম্বেশ্বৰৰ মৃতদেহ কেনাৰামৰ পৰিয়ালক গতাই দিয়া, কেনাৰামৰ পৰিয়ালে মৃতদেহটো সৎকাৰ কৰা, ডিম্বেশ্বৰৰ পৰিয়ালে মৃতদেহটো তেওঁলোকৰ পৰিয়ালৰ সদস্য বুলি দাবী কৰা, সেই দাবীক আৰক্ষী প্ৰশাসনে নস্যাৎ কৰা, মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত চি আই ডিয়ে সমাধিস্থ মৃতদেহ খান্দি উলিওৱা, মৃতদেহৰ ডি এন এ পৰীক্ষাত সেয়া ডিম্বেশ্বৰ বুলি নিশ্চিত হোৱা ঘটনাই স্বাভাৱিকতে উদ্ৰেক কৰিছে বহু প্রশ্নৰ ।
আনহাতে উন্মোচন কৰিছে আৰক্ষী প্ৰশাসনৰ চৰম কাণ্ডজ্ঞানহীনতাৰ তথ্য। মানৱতাক ভূ-লুণ্ঠিত কৰি অসম আৰক্ষীয়ে এনকাউন্টাৰৰ নামত চলোৱা বৰ্বৰতাই ৰাজ্যজুৰি সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ। বিশেষকৈ ওদালগুৰি আৰক্ষীয়ে নিজৰ ভুল স্বীকাৰ কৰিব দূৰৰ কথা, কেনাৰাম বুলি হত্যা কৰা ডিম্বেশ্বৰক দুৰ্ধৰ্ষ ডকাইত বুলি বাৰে বাৰে প্ৰতিপন্ন কৰিব বিচৰা কাৰ্যই ভিন্ন প্ৰশ্নৰ উদ্ৰেক কৰিছে। সেয়ে ভুৱা এনকাউন্টাৰত জড়িত আৰক্ষীৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ দাবী উত্থাপন হৈছে। অৱশ্যে সমগ্ৰ ঘটনাৰ ন্যায় বিচাৰি ডিম্বেশ্বৰৰ পৰিয়ালৰ লোকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলি ঘোষণা কৰিছে।
উল্লেখযোগ্য যে ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত দৈফাং নলবাৰীৰ ১ নং ধনশ্ৰীখুঁটিত আৰক্ষীৰ এনকাউন্টাৰত নিহত বাক্সাৰ শালবাৰী মহকুমাৰ গোৱৰ্ধনা থানাৰ অন্তৰ্গত জেংৰেংপাৰা গাঁৱৰ ডিম্বেশ্বৰ মুছাহাৰী ওৰফে গোবলাৰ মৃতদেহটো আজি ১৬ দিনৰ মূৰত জেংৰেংপাৰাৰ নিজ গৃহলৈ অনা হয়। আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজত এখন আৰক্ষী- প্ৰশাসনৰ বাহনত ডিম্বেশ্বৰৰ মৃতদেহটো জেংৰেংপাৰা গাঁৱৰ পৰিয়ালৰ বাসগৃহত প্রশাসনে জমা দিয়ে।
যোৱা ২৪ ফেব্ৰুৱাৰীত ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত দৈফাং-নলবাৰীত আৰক্ষীৰ এনকাউন্টাৰত ডিম্বেশ্বৰ মুছাহাৰী নিহত হৈছিল যদিও আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা দুৰ্ধৰ্ষ ডকাইত কেনাৰাম বড়ো ওৰফে বসুমতাৰী ওৰফে দৈমাৰী নিহত হোৱা বুলি ঘোষণা কৰা হৈছিল। কিন্তু বাক্সাৰ শালবাৰী মহকুমাৰ গোৱৰ্ধনা থানাৰ অন্তৰ্গত জেংৰেংপাৰা গাঁৱৰ ডিম্বেশ্বৰ মুছাহাৰী নামৰ লোকজনৰ পৰিয়ালবৰ্গই আৰক্ষীৰ এনকাউন্টাৰত নিহতজন কেনাৰাম নহয়, নিহতজন ডিম্বেশ্বৰ মুছাহাৰী বুলি দাবী উত্থাপন কৰিছিল। কাৰণ প্ৰচাৰ মাধ্যমত আৰক্ষীৰ এনকাউন্টাৰত নিহত কেনাৰাম বুলি প্ৰকাশ হোৱাৰ লগতে নিহতজনৰ আলোকচিত্ৰখন প্ৰকাশ হোৱাৰ লগে লগে হাহাকাৰৰ সৃষ্টি হয় ডিম্বেশ্বৰ মুছাহাৰীৰ জেংৰেংপাৰা গাঁৱৰ পৰিয়ালৰ লগতে বৃহত্তৰ অঞ্চলটোত। ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হয়।
নিহতজনৰ আলোকচিত্ৰখন ডিম্বেশ্বৰ মুছাহাৰীৰ বুলি ডিম্বেশ্বৰৰ পৰিয়ালবৰ্গই চিনাক্ত কৰে। কিন্তু আৰক্ষী তথা প্রশাসনে এনকাউন্টাৰত দুৰ্ধৰ্ষ ডকাইত কেনাৰাম নিহত হোৱা বুলি ঘোষণা কৰি মৃতদেহটো ওদালগুৰি জিলাৰ পাণবাৰী অঞ্চলত নদীৰ পাৰত পুতি থৈছিল। ইয়াৰ পিচতে ডিম্বেশ্বৰ মুছাহাৰীৰ পত্নী মঞ্জু মুছাহাৰীয়ে বাক্সা আৰু ওদালগুৰিৰ প্ৰশাসনৰ ওচৰত আৰক্ষীৰ এনকাউন্টাৰত প্ৰকৃততে ডিম্বেশ্বৰ মুছাহাৰী নিহত হোৱা বুলি দাবী কৰাৰ লগতে মৃতদেহটো পৰিয়ালক চমজাই দিয়াৰ বাবে জোৰদাৰ দাবী উত্থাপন কৰে। পৰিয়ালৰ দাবীত মৃতদেহটো যোৱা ২৭ ফেব্ৰুৱাৰীত পুনৰ প্ৰশাসনে গাঁতৰ পৰা খান্দি উলিয়াই মৃতদেহটো গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰাখি ২৮ ফেব্ৰুৱাৰীত ডিম্বেশ্বৰ মুছাহাৰীৰ জ্যেষ্ঠ ভাতৃ বাণেশ্বৰ মুছাহাৰীৰ তেজৰ নমুনা লোৱাৰ উপৰি ৬ মাৰ্চত ডিম্বেশ্বৰৰ জ্যেষ্ঠ পুত্ৰ ৰাহুল মুছাহাৰীৰ তেজৰ নমুনা সংগ্ৰহ কৰে।
ডি এন এ পৰীক্ষাৰ অন্তত আৰক্ষীৰ এনকাউণ্টাৰত নিহতজনৰ মৃতদেহটো ডিম্বেশ্বৰ মুছাহাৰীৰ বুলি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল কর্তৃপক্ষই নিশ্চিত কৰাৰ পিচত আজি দুপৰীয়াৰ ভাগত চি আই ডিয়ে মৃতদেহটো ডিম্বেশ্বৰ মুছাহাৰীৰ পৰিয়ালক চমজাই দিয়ে। আজি সন্ধিয়া ৭.১০ বজাত ডিম্বেশ্বৰ মুছাহাৰীৰ মৃতদেহটো এখন আৰক্ষী প্ৰশাসনৰ বাহনত কটকটীয়া নিৰাপত্তাৰ মাজত জেংৰে পাৰা গাঁৱৰ পৰিয়ালৰ বাসগৃহলৈ অনাৰ লগে লগেই পৰিয়ালটোৰ লগতে গাঁওখনৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। নিহত ডিম্বেশ্বৰ মুছাহাৰীৰ পত্নী মঞ্জু মুছাহাৰী আৰু পৰিয়ালবৰ্গৰ লগতে জেংৰেংপাৰা গাঁৱৰ ৰাইজে ডিম্বেশ্বৰ মুছাহাৰীক আৰক্ষীৰ এনকাউন্টাৰৰ চৰকাৰীভাৱে তদন্ত হোৱাৰ দাবী উত্থাপন কৰে।
তদুপৰি ডিম্বেশ্বৰ মুছাহাৰী নিহত হোৱাৰ পিচত আৰক্ষী প্ৰশাসনে মৃতদেহটো দুর্ধর্ষ ডকাইত কেনাৰামৰ বুলি ঘোষণাৰে গাঁত খান্দি পুতি থোৱাৰ পিচত ১৬ দিনৰ মূৰত পুনৰ আৰক্ষীৰ এনকাউন্টাৰত নিহতৰ মৃতদেহটো প্রকৃততে ডিম্বেশ্বৰ মুছাহাৰীৰ বুলি প্ৰমাণিত হোৱাৰ পিচত আজি ডিম্বেশ্বৰৰ পত্নী মঞ্জু মুছাহাৰী, পৰিয়ালবৰ্গ আৰু জেংৰেংপাৰা গাঁৱত ৰাজহুৱাভাৱে আৰক্ষীৰ এনকাউণ্টাৰৰ ঘটনাটো সন্দৰ্ভত উচ্চপৰ্যায়ৰ তদন্তৰ দাবী জনাইছে। লগতে নিহত ডিম্বেশ্বৰ মুছাহাৰীৰ পৰিয়ালক ন্যায় প্ৰদানৰ দাবীও উত্থাপিত হৈছে। আনহাতে ডিম্বেশ্বৰ মুছাহাৰীৰ পত্নী মঞ্জু মুছাহাৰীয়ে সংবাদ মাধ্যমৰ আগত ডিম্বেশ্বৰ মুছাহাৰীক ভুৱা এনকাউন্টাৰেৰে আৰক্ষীয়ে হত্যা কৰাৰ অভিযোগ কৰাৰ লগতে ঘটনাৰ ন্যায় পোৱাৰ দাবী উত্থাপন কৰে।
আনহাতে আজি ডিম্বেশ্বৰ মুছাহাৰীৰ ককায়েক বাণেশ্বৰ মুছাহাৰীয়ে সংবাদ মাধ্যমৰ আগত ক্ষোভ প্রকাশ কৰি কয়- ‘কেনাৰামৰ নামত কেনেকৈ ডিম্বেশ্বৰ মুছাহাৰীক এনকাউন্টাৰ কৰা হ’ল, সেই বিষয়ে আমাক ন্যায় লাগে। এই এনকাউণ্টাৰ সন্দৰ্ভত আমি উচ্চ ন্যায়ালয়ত গোচৰ দাখিল কৰিম। ডিম্বেশ্বৰ মুছাহাৰীক ভুৱা এনকাউন্টাৰ কৰিছে। প্ৰশাসনে কৰা ভুলৰ বাবে চৰকাৰীভাৱে ডিম্বেশ্বৰৰ সন্তানক চৰকাৰী সংস্থাপন দিব লাগে।’ উল্লেখ্য যে কেনাৰামৰ ঠাইত ডিম্বেশ্বৰক আৰক্ষীয়ে গুলীয়াই হত্যা কৰাৰ কথা প্রমাণিত হোৱাৰ পিচত আৰক্ষীয়ে মৃত ডিম্বেশ্বৰক দুর্ধর্ষ ডকাইত বুলি ঘোষণা কৰি আহিছে।
ওদালগুৰি আৰক্ষীয়ে কৈ আহিছে যে ডকাইতি ঘটনাত ডিম্বেশ্বৰ পূৰ্বে গ্রেপ্তাৰ হৈছে। তেওঁৰ পৰা এটা পিষ্টলো উদ্ধাৰ কৰা হৈছিল। আৰক্ষীৰ দাবী সন্দৰ্ভত প্ৰত্যুত্তৰ দি ডিম্বেশ্বৰৰ জ্যেষ্ঠ ভাতৃ বাণেশ্বৰ মুছাহাৰীয়ে কয়— ‘যদিহে ডকাইতিত পূর্বে জড়িত আছিল বুলিয়েই আৰক্ষীয়ে গুলীয়াই মাৰিব নেকি? গুলীয়াই হত্যা কৰি অইনৰ মৃতদেহ বুলি পুতি থ’ব নেকি? এই ঘটনাৰ আমাক ন্যায় লাগিবই।’ ই
পিনে ডিম্বেশ্বৰ মুছাহাৰীৰ মৃতদেহটো কাঠৰ কফিনত জেংৰেংপাৰা গাঁৱৰ বাসগৃহলৈ অনাৰ লগে লগে ডিম্বেশ্বৰ মুছাহাৰীৰ পত্নী, পুত্ৰ-কন্যাৰ লগতে আত্মীয়-স্বজন শোকাকুল হৈ কান্দোনত ভাগি পৰে। নিশাৰ ভাগত ডিম্বেশ্বৰ মুছাহাৰীৰ মৃতদেহটো জেংৰেংপাৰা গাঁৱৰ নিকটৱৰ্তী ৰাজধাকমালত নিজৰ ভূমিত অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰে। ইপিনে সমস্ত ঘটনা সন্দৰ্ভত চি আই ডিয়ে তদন্ত অব্যাহত ৰখা বুলি আজি এটা বিবৃতিত প্ৰকাশ কৰিছে। অতিশীঘ্ৰে তদন্তৰ প্ৰতিবেদন প্রকাশ কৰা হ’ব বুলিও চি আই ডিয়ে আজি ঘোষণা কৰিছে। ই যিয়েই নহওক, এনকাউন্টাৰৰ নামত আৰক্ষীয়ে কেনাৰাম বুলি ডিম্বেশ্বৰক হত্যা কৰা, ডিম্বেশ্বৰৰ মৃতদেহটোক লৈ আলাই-আথানিৰ সীমা নাইকিয়া কৰা বিষয়টোৱে স্বাভাৱিকতে বহু প্রশ্নৰ উদ্ৰেক কৰিছে।