নিউজ ডেস্কঃ ৰাজ্য চৰকাৰৰ ১ লাখ চৰকাৰী চাকৰি নিযুক্তি যি প্ৰতিশ্ৰুতি আছিল সেইয়া সম্পূৰ্ণ হোৱাত এতিয়া কিছু দূৰহে মাত্ৰ।

৬ মে’ত ৰাজ্য চৰকাৰে ঘোষণা কৰিব ৩য় আৰু ৪ৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল। দেওবাৰে ওদালগুৰি জিলাৰ পানেৰীৰ অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেল অনুষ্ঠিত কৰি জানিবলৈ দিয়ে।

মুঠ ৫১,৩৯৭ টা নিযুক্তি পদৰ ফলাফল ঘোষণা কৰা হ’ব বুলি মুখ্যমন্ত্ৰী শৰ্মাই জানিবলৈ দিয়ে। এই ৫১,৩৯৭ টা পদৰ ভিতৰত ৫,৭৯০ টা আৰক্ষী বিভাগৰ, ৫,৭৯৯ টা স্বাস্থ্য বিভাগৰ আৰু ১৮,২৮১ টা শিক্ষা বিভাগৰ নিযু্ক্তি পদৰ ঘোষণা কৰা হ’ব।

লগতে, বিগত বৰ্ষত অনুষ্ঠিত কৰা ৩য় আৰু ৪ৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফলো একেলগে ঘোষণা কৰা হ’ব। এই বিভাগ কেইটা নিযুক্তি আয়োগৰ জৰিয়তে তৃতীয় বৰ্গৰ ১১,৩৪৬ টা আৰু ৪ৰ্থ বৰ্গৰ ১৪,২৮১ টা পদৰ ফলাফল ঘোষণা কৰা হ’ব।

উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ ১০ মে’ ত দুটা বৰ্ষৰ সম্পূৰ্ণ কৰিব। ১ বছৰৰ ভিতৰতে মুখ্যমন্ত্ৰী গৰাকীয়ে ১ লাখ নিযুক্তি সম্পূৰ্ণ কৰা কথা আছিল কিন্তু কভিড মহামাৰীৰ বাবে পৰীক্ষা বোৰ অনুষ্ঠিত কৰিবলগীয়া নিৰ্ধাৰিত সময়তকৈ পিছুৱাব লগীয়া হৈছিল। যাৰ বাবে এই নিযুক্তি কৰণ প্ৰক্ৰিয়া কিছু পলম হ’ল বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে মাজে সময়ে সংবাদ মাধ্যমৰ আগত জনাই থাকে।

লগতে পঢ়ক – সৰ্বকালৰ অভিলেখ ভংগ কৰি ৩৬৪ কোটি কৰ সংগ্ৰহ কামপৰূ পৰিবহন বিভাগৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply