নিউজ ডেস্কঃ কাজিৰঙাত শেহতীয়াকৈ হোৱা গঁড়ৰ পিয়লত পোহৰলৈ আহিল এক ভয়ংকৰ তথ্য। পৰিৱেশ কৰ্মী ৰোহিত চৌধুৰীয়ে কৰা এটা টুইটাত ফাদিল হ’ল এই বৃহৎ লুন্ঠনৰ ঘটনা।
উল্লেখ্য যে, চলিত বৰ্ষৰ মাৰ্চত গঁড়ৰ পিয়লৰ বাবে ধাৰ্য্য কৰা হৈছিল ৩০.৮৬ লাখ টকা। আৰটিআইৰ তথ্য মতে, এই ধন ধাৰ্য কৰা হৈছিল গঁড়ৰ পিয়লৰ বাবে। আৰু সেই অনুসৰি ব্যয়ৰ তালিকাত উল্লেখ কৰা হৈছে যে- এই তিনিদিনত কেৱল খাদ্যৰ নামতে ১৬,৭৯,২৬০ টকা খৰচ কৰা হৈছে।
মাত্ৰ তিনিটা দিনতে ১৬ লাখৰো অধিক ধন খাদ্যৰ নামতে খৰচ কৰা ঘটনাই গঁড়ৰ পিয়লৰ ক্ষেত্ৰত যে এক কেলেংকাৰী সংঘটিত কৰাৰ ইংগিত প্ৰদান কৰিছে। ইফালে, পৰিৱেশ কৰ্মীগৰাকীয়ে সাংবাদিকৰ আগত এই সন্দৰ্ভত কয়- ”তিনি দিনত গড়ৰ গণনাৰ নামত খৰচ কৰিছে ৩০.৮৬ লাখ টকা। এই ধন আমাৰ ৰাজহৰ টকা, জনগণৰ টকা। আৰু তেওঁলোকে অতি অদ্ভূত ধৰণৰ ব্যয়ৰ এক তালিকা দিছে।”
লগতে তেওঁ কয়- ”১৬ লাখ ৮০ টকা খাদ্যৰ নামতে তেওঁলোকে খৰচ কৰিছে। ইমান টকাৰ খাদ্য মাত্ৰ তিনিদিনত খাইছে। ৭০ জন মানুহে তিনিদিনত ১৬ লাখ টকাৰ খাদ্য খাব পাৰিব নেকি? সমগ্ৰ কাজিৰঙাবাসীক খুৱালেও দুদিনত খাদ্যৰ নামত ইমান ধন খৰচ নহয়।”
ৰোহিত চৌধুৰীয়ে তেওঁৰ টুইটাৰত লিখিছে- ” Rs.16.79 lakhs fooding bill of 14th Rhino Census 2022 in Kaziranga. A good bill (Total 30.86 lakhs) was prepared but unfortunately no report was prepared on Rhino census yet. ”
এই তথ্যৰ পাছতে এইটো নিশ্চিত যে- গঁড় গণনাৰ নামত সংঘটিত হৈছে কেলেংকাৰী। উল্লেখ্য যে- ২৬ মাৰ্চৰ পৰা ২৯ মাৰ্চ, ২০২২লৈ এই গঁড়ৰ পিয়ল কৰা হৈছিল। আৰু এই তিনিদিনৰ সময়চোৱাত যে বন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ নেতৃত্বত চলিছে লুন্ঠন।
কিন্তু এতিয়া প্ৰশ্ন হয়- এই অভিযোগ উত্থাপন হোৱাৰ পাছত বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবনে কাজিৰঙাৰ সঞ্চালক আৰু ডিএফঅ’ৰ বিৰুদ্ধে?