বৃহস্পতিবাৰে দুৰ্নীতি নিবাৰক আৰু তদন্ত শাখাৰ অভিযানত বিশ্বনাথত উৎকোচ লোৱাৰ সময়ত হাতে-লোতে ধৰা পৰে বিদ্যালয়ৰ এজন কৰ্মচাৰী।

জানিব পৰামতে অভিযুক্তজনৰ নাম আনোৱাৰ হুছেইন। বিশ্বনাথ ঘাটত অৱস্থিত ফকৰুদ্দিন আলী আহমেদ হাইস্কুলত পিয়ন হিচাপে কৰ্মৰত আছিল অভিযুক্তজন।

তথ্য অনুসৰি ২০২২ চনৰ মাৰ্চ মাহত বিদ্যালয়খনৰ আব্দুল কাচেন নামৰ এজন শিক্ষকে অৱসৰ গ্ৰহণ কৰিছিল। শিক্ষকৰ পেঞ্চনৰ কাম সম্পন্ন কৰিবলৈ আনোৱাৰ হুছেইন নামৰ কৰ্মচাৰীজনে বিশ্বনাথ ঘাটৰ ফকৰুদ্দিন আলী আহমেদ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক আবুল কাছেমৰ পৰা ২২০০০ টকাৰ উৎকোচ দাবী কৰিছিল।

এই দাবীৰ পিছতে দুৰ্নীতি নিবাৰক আৰু তদন্ত শাখাৰ কাষ চাপে অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকী। পৰিকল্পনা অনুসৰি শিক্ষকজনে তেওঁৰ পেঞ্চন পুঁজিৰ কামৰ অগ্ৰিম ধন হিচাপে আনোৱাৰ হুছেইনক আজি ৫০০০ টকাৰ দিয়ে। ধন লৈ থকা অৱস্থাতেই দুৰ্নীতি নিবাৰক আৰু তদন্ত শাখাৰ বিষয়াসকলে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply