৮ এপ্ৰিলত গুৱাহাটীত দ্বিতীয় খন IPLৰ খেল অনুষ্ঠিত হ’ব। ৫ এপ্ৰিলত বৰ্ষাপাৰাত সফলতাৰে IPL ৰ প্ৰথমখন মেচ অনুষ্ঠিত হোৱাৰ পিছত এইবাৰ দ্বিতীয় তথা অন্তিমখন মেচৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম।
দ্বিতীয় খন IPLৰ খেল অনুষ্ঠিত হ’ব ঘৰুৱা দল ৰাজস্থালন ৰয়েলছ আৰু দিল্লী কেপিটেলছৰ মাজত। দুই দলৰ মাজত বিয়লি ৩ বাজি ৩০ মিনিটত দিৱানৈশ খেলখন আৰম্ভ হ’ব।
বৃহস্পতিবাৰে গুৱাহাটীত আহি উপস্থিত হৈছেহি দিল্লী কেপিটেলছৰ দলটো। হোটেল ৰেডিশ্যন ব্লুৰ কৰ্তৃপক্ষই দলটোৰ প্ৰতিজন সদস্য তথা তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক গামোচাৰে আদৰণি জনায়।
আজি দুপৰীয়া ১ বজাৰ পৰা ৩ বাজি ৩০ মিনিটলৈ বৰ্ষাপাৰাত অনুশীলন চলাব দিল্লী কেপিটেলছ দলে। ইফালে, ৰাজস্থান ৰয়েলছ দলে বিয়লি ৩ বাজি ৩০ মিনিটৰ পৰা ৬ বজালৈ অনুশীলন চলাব।
ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু ছেমচনে ৩ বাজি ৩০ মিনিটত সংবাদ মেল সম্বোধন কৰিব। বিয়লি ৩ বাজি ৪৫ মিনিটত দিল্লী কেপিটেলছৰ কেপ্তেইন ডেভিদ ৱাৰ্ণাৰে সংবাদ মেল সম্বোধন কৰিব।
৮ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া IPLৰ খেল চাবলৈ অহা দৰ্শকৰ বাবে দুপৰীয়া ১ বজাত ষ্টেডিয়ামৰ প্ৰবেশদ্বাৰ খুলি দিয়া হ’ব।