গোলাঘাটঃ কৰোনা মহামাৰীয়ে ৰাজ্য তথা দেশৰ অৰ্থনীতি দুৰ্বল কৰি পেলাইছে । বহুলোক কৰ্মসংস্থাপনহীন হৈ পৰিছে ৷

তেনে সময়তে গোলাঘাটৰ দুটাকৈ আত্মসহায়ক গোট অংকিতা আত্মসহায়ক গোট আৰু বৈদেহী আত্মসহায়ক গোটে ঘৰতে পিঠা পনা,দৈ ,সান্দহ,কাঠফুলা,হালধী,পিঠাগুৰি,আদি প্ৰস্তুত কৰি এই মহামাৰীৰ সময়ত বিক্ৰী কৰি স্বাৱলম্বীতাৰ নিৰ্দশন দাঙি ধৰিছে।

লগতে পঢ়কঃঅস্তিত্বৰ সংকটত বিশ্বনাথ জিলাৰ একমাত্ৰ বনাঞ্চল, তথাপি আশা ধৰি ৰাখিছে অঞ্চলবাসীয়ে

একাংশ মহিলাৰ বাবে আদৰ্শ হৈ পৰিছে এই দুটা আত্মসহায়ক গোট ৷ চৰকাৰৰ কেবিনেটৰ পিঠা পনা খোৱা নীতিক সন্মান জনাইছে আৰু এই অঞ্চলটোত এক চাহিদা পুৰণ কৰিছে এই দুই আত্মসহায়ক গোটে।

লকডাউন খোলাৰ পাছত সমগ্ৰ গোলাঘাট জিলাতে এই সামগ্ৰী সমূহ যোগান ধৰিব বুলি জানিবলৈ দিয়ে আত্মসহায়ক গোটৰ সদস্য়সকলে। চৰকাৰক এই কাৰ্য্যক সহায় কৰিবলৈ তেওঁলোকে আহ্বান জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,274 other subscribers

Leave a comment

Leave a Reply