সোমবাৰে গুৱাহাটীৰ কাহিলিপাৰাত শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৱে এক অনুষ্ঠানত ‘শিক্ষা সেঁতু অসম’ পৰ্টেল আনুষ্ঠানিকভাৱে মুকলি কৰে। বিদ্যালয় কৰ্মচাৰীৰ লগতে ছাত্ৰ-ছাত্ৰীৰ তথ্যকে ধৰি সকলো সম্পৰ্কীয় সবিশেষ তথ্য সংগ্ৰহৰ বাবে এই পৰ্টেল আৰম্ভ কৰা হৈছে। কেৱল চৰকাৰীয়ে নহয়, ব্যক্তিগত খণ্ডৰ লগতে কেন্দ্ৰীয় বিদ্যালয়কো শিক্ষা সেঁতু এপে সামৰি ল’ব।

শিক্ষামন্ত্ৰীয়ে কয় যে, “এই পৰ্টেলৰ সহায়ত আমি শিক্ষা খণ্ডক নতুন ৰূপ দিয়াৰ ক্ষেত্ৰত কামবোৰ আগুৱাই নিবলৈ বিচাৰিছো।” ২০২৩ চনৰ ২৪ ৰ পৰা ৩০ এপ্ৰিললৈ বিদ্যালয় প্ৰফাইল উন্নীতকৰণ সপ্তাহ পালন কৰা হ’ব, য’ত বিদ্যালয়সমুহৰ তথ্য শিক্ষা সেঁতু অসম পৰ্টেলত আপলোড কৰা হ’ব।

সেয়েহে প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ,প্ৰধান শিক্ষক, শিক্ষকসকলক পৰ্টেলত প্ৰাসংগিক সবিশেষ আপলোড কৰিবলৈ অনুৰোধ কৰা হৈছে। আজিৰে পৰা এটা সপ্তাহ ধৰি বিদ্যালয় প্ৰফাইলৰ বাবে নিৰ্ধাৰণ কৰা হৈছে। প্ৰতিখন বিদ্যালয়ত এই কাৰ্য ৰূপায়ণৰ বাবে একোটাকৈ টেবলেট দিয়া হৈছে। বেছি ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়ক এইক্ষেত্ৰত দুটাকৈ টেবলেট দিয়া হৈছে। মুঠ ৫৩ হাজাৰ টেবলেট বিদ্যালয়সমূহত দিয়া হৈছে।

লগতে শিক্ষামন্ত্ৰী গৰাকীয়ে শিক্ষা সেঁতু অসম পৰ্টেলত তলত দিয়া তথ্যসমূহ আপলোড কৰিবলৈ অনুৰোধ জনায়। এই কথা শিক্ষামন্ত্ৰী গৰাকীয়ে টুইটযোগে প্ৰকাশ কৰে।

ইয়াৰ লগতে শিক্ষামন্ত্ৰীগৰাকীয়ে জনায় যে কাইলৈ ১১ বজাত মুখ্যমন্ত্ৰীয়ে গুণোৎসৱৰ ফলাফল অনুষ্ঠানিকভাৱে ঘোষণা কৰিব। এই ফলাফলৰ জৰিয়তে ২০২২ ৰ তুলনাত ২০২৩ ত শিক্ষা ব্যৱস্থাৰ গুণগত মানৰ বিষয়ে জানিব পৰা যাব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply