ধুবুৰীঃ ৰাজ্য়জুৰি জোকাৰি যোৱা নিমাতীঘাটৰ নাও দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই তৎপৰ হৈ পৰিছে আভ্যন্তৰীণ জলপৰিবহণ বিভাগ।

অৱশেষত বন্ধ কৰি থোৱা MV BOB KHATING নামৰ জাহাজ খন ধুবুৰীৰ পৰা ফকিৰগঞ্জ লৈ আজিৰ পৰা চলাচল পুনৰ আৰম্ভ কৰিছে ।

ইমান দিনে এটা ইঞ্জিনৰে ভয়াবহ ভাবে ভূটভূটী সমূহে চলি আছে এই পাৰঘাটটোত ।

শনিবাৰ বিয়লি ৩ বজাৰ পৰা ৫৯ জন যাত্রীলৈ যাত্ৰা আৰম্ভ কৰে জাহাজখনে ।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি ক’ৰনাৰ নামত MV BOB KHATING নামৰ জাহাজ খন ধুবুৰীত নদী ঘাটত ৰখাই থৈছিল।

প্ৰায় ১০ জন আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ কৰ্মচাৰীয়ে ঘৰতে থাকি দৰমহা লৈ আছিল ।
লগতে পঢ়কঃচন্দ্ৰমোহন পাটোৱাৰীক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী মাজুলী আছুৰ

ধুবুৰী জিলা উপায়ুক্তই তৎকালীন ভাবে কাৰ্য্যকৰী হোৱাকৈ জাহাজ খন পুনৰ ধুবুৰীৰ পৰা ফকিৰগঞ্জ লৈ অহা- যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

জাহাজ খনৰ মুঠ ৫৯ জন যাত্রীয়ে ২৬ টকাৰ বিনিময়ত টিকট ক্ৰয় কৰাৰ লগতে নিজৰ নিজৰ নাম ঠিকনা মোবাইল নম্বৰ অন্তৰ্ভুক্ত কৰিয়ে জাহাজত যাত্ৰী হিচাপে নিজৰ আসন গ্ৰহণ কৰিছে ।লগতে লাইফ জেকেটৰ সু ব্যৱস্থা ৰখা হৈছে ।

ইপিনে, চৰকাৰে নিৰ্দেশ জাৰি কৰাৰ পাছতো এই পাৰঘাটটোত অত্যাধিক যাত্রী কঢ়িওৱাৰ লগতে কোনো ধৰণৰ লাইফ জেকেট নথকাৰ লগতে এটা ইঞ্জিনৰে ভয়াবহ ভাবে ভূটভূটী সমূহ চলি আছে।

এই নাও সমূহৰ নাই কোনোধৰণৰ টিকটৰ ব্যৱস্থা, নাই কোনো যাত্ৰীৰ হিচাপ ।

লেচীৰ মইমতালিত নীতি-নিয়মক জলাঞ্জলি দি এই ভূটভূটি বোৰ জিলা প্ৰশাসনে চলাই থকা কাৰ্যক লৈ জনসাধাৰণে প্ৰতিবাদ কৰিছে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,022 other subscribers

Leave a comment

Leave a Reply