দেশৰ ভিতৰতে সৰ্ববৃহৎ নদী বান্ধৰ লগতে সৰ্বোচ্চ বিজুলী উৎপাদনৰ বহন ক্ষমতা থকা জলবিদ্যুৎ প্ৰকল্প নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বিজুলী উৎপাদনৰ বাবে সাজু হৈ উঠিছে৷ যোৱা বছৰৰ বাৰিষাৰ জলপ্ৰলয় আৰু ধাৰাবাহিক ভূমিস্খলনৰ প্ৰত্যাহ্বানকো নেওচি নিৰ্মান সংস্থা ৰাষ্ট্ৰীয় জলবিদ্যুৎ শক্তি নিগময়ে কেন্দ্ৰীয় চৰকাৰক অহা মাৰ্চ মাহৰ ভিতৰতে বিতৰ্কিত জলবিদ্যুৎ প্ৰকল্পটো নিৰ্মাণ সম্পূৰ্ণ কৰি উপহাৰ দিব ৷
নদী বান্ধ বিৰোধী আন্দোলনৰ সুযোগত অৱশেষত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠাৰ দিশে গেৰুকামুখৰ বিতৰ্কিত বৃহৎ নদী বান্ধ । ২০১১ চনৰ পৰা বিতৰ্কিত বৃহৎ নদীবান্ধ আৰু জলবিদ্যুৎ প্ৰকল্পটোৱে উত্তৰ অসমৰ জনতাৰ লগতে আছু এজেৱাইচিপিকে ধৰি ৰাজ্যৰ প্ৰায় ৭০ টা সংগঠনৰ আন্দোলন আৰু আইনী বাধাৰ সন্মুখীন হয়। শেহতীয়াকৈ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতাত সকলো বাধা নেওচি যোৱা দুবছৰত নিৰ্মাণ কাৰ্য চলায় এন এইচ পি চি য়ে গেৰুকামুখত টাৰ্বাইন ঘুৰাবলৈ সক্ষম হ’ল ৷
আনহাতে, নিৰ্মাণ সংস্থাটোৱে গেৰুকামুখত বিজুলী উৎপাদনৰ বাবে টাৰ্বাইন ঘুৰাই পৰীক্ষণ সম্পন্ন কৰে৷ নিৰ্মান সংস্থা এন এইচ পি চিৰ এক উচ্চ স্তৰীয় সূত্ৰই যোগান ধৰা তথ্য অনুসৰি সামগ্ৰিকভাৱে গেৰুকামুখৰ নদী বান্ধ প্ৰকল্পৰ কাম যোৱা ৩১ জানুৱাৰীলৈকে ৯৫% কাম সম্পূৰ্ণ কৰিছে ৷
জানিব পৰা মতে, যোৱা বছৰ জুলাই মাহতে বিজুলী উৎপাদন কৰিব লগীয়া প্ৰকল্পটোত সংঘটিত হোৱা বান আৰু ভূমিস্খলনৰ বিস্তৰ ক্ষতি সাধনৰ ফলত এবছৰ পিছুৱাই যাব লগীয়া হ’ল ৷ অহা জুন মাহত এন এইচ পি চি য়ে গেৰুকামুখত দুটা টাৰ্বাইন চলাই ৫০০ মেগাৱাট জলবিদ্যুৎ উৎপাদনৰ লক্ষ্য লোৱা হৈছে যদিও ইতিমধ্যে ২০০০ মেগাৱাট জলবিদ্যুৎ উৎপাদনৰ বাবে আঠটা টাৰ্বাইন সাজু কৰি উলিয়াইছে৷