বিধান সভাৰ বাজেট অধিবেশনৰ  চতুৰ্থ দিনটোত কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইনক শিকদাৰক মাৰ্চাল লগাই সদনৰ পৰা উলিয়াই দিলে অধ্যক্ষই।

লগে লগে অধ্যক্ষৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে কংগ্ৰেছে। ইয়াৰ প্ৰতিবাদত কংগ্ৰেছে প্ৰশ্নোত্তৰ শিতান বৰ্জন কৰি ওলাই আহে সদনৰ পৰা৷ 

আনহাতে জানিব পৰা মতে, জাকিৰ হুছেইনে শিকদাৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটা বিষয়ক লৈ প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছিল৷ কিন্তু পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ফোঁপোলা স্বৰূপ উন্মোচিত হোৱাৰ ভয়ত হুছেইনক প্ৰশ্ন উত্থাপন কৰাৰ সুবিধা নিদিয়াৰ তেওঁ অভিযোগ উত্থাপিত কৰিছে।

লগতে হুছেইনে কয় যে অসমত মুঠ সক্ৰিয় জব কাৰ্ড আছে ৪১ লাখ ৩৬ হাজাৰ৷ মাত্ৰ ৭০ হাজাৰ লোকৰহে জব কাৰ্ড ইছ্যু কৰা হৈছে অসমত৷

আনহাতে, চৰকাৰে কোৱা মতে অসমত ৭ কোটি কৰ্মদিনৰ সূচনা কৰা হৈছে৷ কিন্তু কৰ্মদিন সূচনা কৰিব লাগিছিল ৪০ কোটি, কাৰণ অসমত এক্টিভ জব কাৰ্ডৰ সংখ্যা ৪০ হাজাৰ। এই ৪০ হাজাৰ জব কাৰ্ডক ১০০ দিনকৈ কাম দিলে হ’ব ৪০ কোটি।

তেওঁ এইটো উল্লেখ কৰিছে যে চৰকাৰে পুঁজিৰ অভাৱৰ বাবে এনে কৰিব পৰা নাই৷ কৰ্মদিনৰ সূচনা কৰাত ব্যৰ্থ হৈছে চৰকাৰ৷ অকল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কামহে কিছু সম্পন্ন হৈছে৷

গতিকে এনে প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি তেওঁক সদনৰ পৰা বহিষ্কাৰ কৰিছে বুলি প্ৰকাশ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply