নিউজ ডেস্কঃ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ নামত ৰাজ্যৰ কৃষি বিভাগত সংঘটিত বিয়াগোম কেলেংকাৰীক কেন্দ্ৰ কৰি বুধবাৰে উত্তাল হৈ পৰে বিধানসভাৰ মজিয়া।
বিৰোধী দলপতি দেবব্ৰত শইকীয়াই সদনত বুধবাৰে বিষয়টো উত্থাপন কৰি কয় যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ নামত ৰাজ্যৰ কৃষি বিভাগত সংঘটিত কেলেংকাৰীৰ তদন্তৰ দায়িত্ব তাৎক্ষণিক ভাৱে চি বি আই ক অৰ্পণ কৰিব লাগে।
বিৰোধীৰ উপ-দলপতি ৰকিবুল হুছেইনো সৰৱ হৈ পৰে কৃষি বিভাগৰ কেলেংকাৰীকলৈ।
ফলত শাসক-বিৰোধীৰ তুমুল বাক-বিতণ্ডাত উত্তাল হৈ পৰে বিধানসভা। বিৰোধীয়ে হাতে হাতে প্লে কাৰ্ড লৈ অধ্যক্ষৰ আসনৰ ওচৰলৈ উঠি আহি প্ৰতিবাদ সাব্যস্ত কৰে ।
বিৰোধী দলপতিগৰাকীয়ে কয় যে শেহতীয়াকৈ কৃষি বিভাগে গাইড লাইন সলনি কৰি অৰ্থনীতিকেই নীতি কৰিব বিচাৰিছে ।
লগতে পঢ়কঃকৰোনা মহামাৰীৰ ত্ৰাসৰ মাজতে দুই আত্মসহায়ক গোটৰ স্বাৱলম্বীতাৰ নিৰ্দশন
কৃষক নোহোৱাকৈও পি এম কিষাণৰ ধন কেনেকৈ বহুতৰ একাউন্টত সোমাল তাকে লৈও খৰ্গহস্ত হৈ পৰে বিৰোধী।
ফলত পৰিস্থিতিৰ অধিক অৱনতি ঘটাত অধ্যক্ষই ৪০ মিনিটৰ বাবে সদন স্থগিত ৰখাৰ কথা ঘোষণা কৰে।
ইপিনে অসম-মিজোৰাম সীমান্তৰ ঘটনাকলৈ আজিও উত্তাল হৈ পৰে বিধানসভাৰ মজিয়া।
বিৰোধী দলপতি দেবব্ৰত শইকীয়াই সদনত কয় যে চুবুৰীয়া ৰাজ্যৰ আগ্ৰাসন ধাৰাবাহিকভাৱে চলি থকাৰ পিছতো দিছপুৰত চৰকাৰখনে হাত সাৱটি বহি থকাটো দুৰ্ভাগ্যজনক।
বিৰোধীদলৰ সদস্যসকল অধ্যক্ষৰ আসনৰ ওচৰলৈ আহি শ্ল’গান ,প’ষ্টাৰ আদি প্ৰদৰ্শন কৰাত অধ্যক্ষই সভা স্থগিত ৰাখিব লগা হয়।