ঋণৰ বোজাত ক্ৰমে কোঙা হৈ আহিছে অসম। প্ৰত্যক বছৰেই বৃদ্ধি পাইছে ঋণৰ পৰিমাণ।

ৰাজ্যখনৰ আৰ্থ-সামাজিক উন্নয়নৰ দিশত ব্যৱহাৰ হ’ব লগা হেজাৰ হেজাৰ কোটি টকা বছৰি সুত পৰিশোধৰ নামতে ব্যয় কৰি আছে উন্নয়নৰ আকাশীগংগা বোৱা বুলি দাবী কৰা অসম চৰকাৰখনে।

বিজেপি চৰকাৰৰ বিগত সাত বছৰৰ কাৰ্যকালত কেৱল সুত পৰিশোধৰ নামতেই ৰাজকোষৰ পৰা ব্যয় হ’ল প্ৰায় ৩৪,২৭৪.৫৯ কোটি টকা।

উল্লেখ্য যোগ্য যে,  ৰাজ্যত ১৫ বছৰীয়া শাসনকালত প্ৰয়াত তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰখনে সৰ্বমুঠ ৩৫,৬৯০ কোটি টকাৰ ঋণৰ বোজা এৰি থৈ গৈছিল।

কিন্তু ২০১৬ বৰ্ষৰ পৰা ৰাজ্যৰ শাসনভাৰ বিজেপি চৰকাৰৰ হাতলৈ যায়। আৰু এই সাত বছৰত ৰাজ্যখনৰ ঋণৰ বোজা বৃদ্ধি হৈ হয়গৈ প্ৰায় ১ লাখ ৩২ হেজাৰ কোটি টকা।

আনহাতে, কেগৰ প্ৰতিবেদনে বাৰম্বাৰ ৰাজ্যৰ ঋণৰ বোজা ব্যাপক হাৰত বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজহ ব্যয়ৰ তুলনাত উৎপাদনমূলক ব্যয় বৃদ্ধিত অগ্ৰাধিকাৰ দিবলৈ পৰামৰ্শ দি আহিছে। তাৰ পাছতো চৰকাৰখনে একমাত্ৰ ভোটৰ আশাত একাধিক হিতাধিকাৰী আঁচনি ৰূপায়ন কৰি আহিছে। আৰু বছৰি অভাৱনীয়ভাৱে ঋণৰ বোজা বঢ়াই গৈ আছে

তথ্য অনুসৰি, বিজেপি চৰকাৰে ২০২২-২৩ বিত্তীয় বৰ্ষৰ ডিচেম্বৰ মাহলৈ পৰিশোধ কৰা সুতৰ পৰিমাণ ৩৯৭.৪০ কোটি টকা।

আনহাতে, আগন্তুক ৩১ মাৰ্চলৈ পৰিশোধ কৰিব লগীয়া সুদৰ পৰিমাণ হ’ল ৭ হাজাৰ কোটি টকা।

লক্ষ্য কৰিবলগীয়া যে, বিগত সাত বছৰে চৰকাৰ খনে সুত পৰিশোধ কৰি আহিছে যদিও মূল ঋণৰ এটি টকাও পৰিশোধ কৰা নাই। যাৰ বাবে এতিয়া জনমূৰি ঋণৰ পৰিমাণ হৈছেগৈ প্ৰায় ৩৭ হাজাৰ টকা। আনহাতে এনে পৰিস্থিতি বাহাল থাকিলে আগন্তুক ২০২৫-২৬ বৰ্ষত বিজেপি চৰকাৰে বছৰি পৰিশোধ কৰিব লগীয়া ঋণৰ পৰিমাণ হ’বগৈ প্ৰায় ১০ হাজাৰ কোটি টকা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply