নিউজ ডেস্ক : মণিপুৰৰ The Tainted Mirror নামৰ চলচ্চিত্ৰখনে পঞ্চম চলচ্চিত্ৰম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হয়।

ৰোমি মেইতে পৰিচালিত ছবিখনে শ্ৰেষ্ঠ চুটি ছবি (ফিকচন)-ৰ সন্মানো লাভ কৰিবলৈ সক্ষম হয় বুলি মহোৎসৱৰ পৰিচালক উৎপল দত্তই জানিবলৈ দিয়ে।

আনহাতে ছবিখনত কৰা দুৰ্দান্ত অভিনয়ৰ বাবে ইয়াইখোম্বা নামৰ শিশু অভিনেতা গৰাকীলৈ শ্ৰেষ্ঠ শিশু শিল্পীৰ The Film Critics Circle of India Special Mention Award আগবঢ়োৱা হয়।

ইংৰাজী ছবি Deliverance-ৰ বাবে Zachary Coffin –ক শ্ৰেষ্ঠ পৰিচালকৰ সন্মান আগবঢ়োৱা হয় আৰু মাৰাঠি ছবি Bhet –এ অৰ্জন কৰে বিচাৰকৰ বিশেষ সন্মান।

১০ আগষ্টৰ পৰা চলচ্চিত্ৰম ৰাষ্ট্ৰীয় ছবি মহোৎসৱ অনুষ্ঠিত হোৱা চলচ্চিত্ৰম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ এইবাৰ অনলাইন অনুষ্ঠিত হৈছে। অহা এসপ্তাহৰ বাবে চলচ্চিত্ৰমৰ ৱেবছাইটত চাব পৰা যাব বুলি উৎপল দত্তই জানিবলৈ দিয়ে।

লগতে পঢ়ক : বৃদ্ধাশ্ৰমৰ আৱাস গৃহ শুভ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply