লখিমপুৰঃ মিছিং স্বায়ত্ব পৰিষদে ঘূণাসুঁতি পাৰ ঘাটৰ এইবাৰৰ নিবিদা পূৰ্বতকৈ দুগুণ বৃদ্ধি কৰিছে। সেয়ে লৈ এতিয়া ক্ষোভ প্ৰকাশ ঘূণাসুঁতিৰ বালিভেটা গাঁৱৰ ৰাইজৰ। জানিব পৰা মতে, পূৰ্বতে ৬৬০০০ হাজাৰৰ ভিতৰত নিবিদাত লাভ কৰিছিল পাৰ ঘাট। কিন্তু এইবাৰ তাৰ দুগুণ বৃদ্ধি হোৱাৰ বাবে বঞ্চিত হ’বলগীয়া হ’ল বালিভেটা গাঁৱৰ ৰাইজ। আনহাতে বছৰ বছৰ ধৰি ঘূণাসুঁতি পাৰ ঘাটটো চলাই আহিছিল গাঁৱৰ ৰাইজৰ হৈ দুজন লোকে।
লগতে পঢ়কঃলখিমপুৰ জিলাৰ ঘূণাসুঁতিত খহনীয়াৰ ফলত নদীৰ বুকুত জাহ গ’ল হাজাৰ হাজাৰ হেক্টৰ মাটি
কিন্তু এইবাৰ মিছিং স্বায়ত্ব শাসিত পৰিষদে নিবিদাক দুগুণ বৃদ্ধি কৰাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে। ৰাইজৰ অভিযোগ অনুসৰি এইবাৰ নিবিদা দুগুণ বৃদ্ধি হোৱাৰ বাবে বালিভেটা পাৰ ঘাটতো লাভ কৰিব নোৱাৰাৰ কথাও প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। এই সন্দৰ্ভত গাঁৱৰ ৰাইজে এখনি সভা অনুষ্ঠিত কৰি বালিভেটা পাৰ ঘাটতো ৰাইজে চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে।