মে মাহৰ মাজ ভাগত অন্ত পৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২০২২-২৩ বৰ্ষৰ পৰ্যটন বৰ্ষ। ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষৰ নিৰ্দেশনা মতে, ১ মে’ৰ পৰা হাতী ছাফাৰী আৰু ১৬ মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ হ’ব জীপ ছাফাৰী ৷ কিয়নো ৰ’দৰ উত্তাপৰ বাবে হাতীৰ বাবে ছাফাৰী কৰাটো কষ্টকৰ হয়, ইয়াৰ বিপৰীতে পোন্ধৰ দিন জীপ ছাফাৰী অব্যাহত থাকিব ৰাষ্ট্ৰীয় উদ্যানখনত।

বাৰিষাৰ আগমন আৰু বৃদ্ধি পাই অহা ৰ’দৰ উত্তাপৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্দেশনা জাৰি কৰিলে উদ্যান কৰ্তৃপক্ষই। প্ৰতি বছৰে মে’ মাহৰ প্ৰথম ভাগতে ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে বন্ধ কৰাটো প্ৰচলিত নিয়ম ৷

উল্লেখযোগ্য যে ২০২২ চনৰ ২ অক্টোবৰত আৰম্ভ হৈছিল কাজিৰঙাৰ ২০২২-২৩ পৰ্যটন বৰ্ষ। মাৰ্চ মাহত ৩ লাখ ১৪ হাজাৰ পৰ্যটকৰ আগমনে অভিলেখৰ সৃষ্টি কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply