ইচলাম ধৰ্মালম্বী লোকসকলৰ পৱিত্ৰ উৎসৱ হৈছে ঈদ আল-ফিতৰ। ৬২৪ খ্ৰীষ্টাব্দত হজৰত মহম্মদ আৰু তেওঁৰ সংগীসকলে জাং-ই-বদাৰ যুদ্ধত জয়লাভ কৰাৰ পিছত প্ৰথম ঈদ উদযাপন কৰিছিল।

পবিত্ৰ ৰমজান মাহৰ শেষৰ দিনা ঈদ উদযাপন কৰা হয়। মুছলমানসকলে “ছালাত আল ঈদ” নামৰ নামাজেৰে ঈদ আল-ফিতৰ উদযাপন কৰে।

ইচলাম ধৰ্মালম্বী লোকসকলে মছজিদ বা মুকলি ঠাইত গোট খাই ঈদৰ নামাজ আদায় কৰে। নামাজৰ পিছত ধৰ্মধ্বনি দিয়া হয় আৰু ইমামে সমগ্ৰ বিশ্বৰ ক্ষমা, দয়া আৰু শান্তিৰ বাবে প্ৰাৰ্থনা কৰে।

আনহাতে, ঈদৰ দিনাখন সকলো ব্যক্তিয়ে নতুন কাপোৰ পিন্ধি মছজিদলৈ যায়। ঈদৰ নামাজ পঢ়িব যোৱাৰ আগত মিঠা কিবা এটা খায় যোৱাৰো এক পৰম্পৰা আছে। এই দিনটোত মুছলমানসকলে সাধাৰণতে “ঈদ মুবাৰক” বুলি কৈ সকলোকে ঈদৰ শুভেচ্ছা জনায়।

আনহাতে, ঈদৰ নামাজ আদায় কৰি অহাৰ পাছত প্ৰত্যেকেই ইঘৰে আনঘৰলৈ যোৱাৰো এক পৰম্পৰা আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply