গুৱাহাটীঃ গুৱাহাটীত অনুষ্ঠিত হৈছে দুদিনীয়া কাৰ্যসূচীৰে ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰ্যালয়ে আয়োজন কৰা উত্তৰ-পূর্বাঞ্চলৰ পৰ্যটন আৰু সংস্কৃতি মন্ত্ৰী সন্মিলনৰ পূৰ্ণাংগ অধিৱেশন।
এই অধিৱেশনত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাসহ কেন্দ্ৰীয় পৰ্যটন, সংস্কৃতি আৰু উত্তৰ-পূব উন্নয়নৰ মন্ত্ৰী জি কিষাণ ৰেড্ডী, সংস্কৃতি আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল তথা পৰ্যটন আৰু প্ৰতিৰক্ষা বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী অজয় ভট্টয়ে।
লগতে পঢ়কঃতেজপুৰত থকা অসম চৰকাৰৰ সমবায় বিভাগৰ গুডামৰ জৰাজীৰ্ণ পৰিৱেশ
পৰ্যটন আৰু সংস্কৃতি হৈছে উত্তৰ-পূবৰ বিকাশৰ গুৰুত্বপূৰ্ণ অংশ। আমি আমাৰ পৰ্যটনৰ সম্ভাৱনা সৰ্বশ্ৰেষ্ঠ কৰিবলৈ পথৰ যোগাযোগৰ ক্ষেত্ৰত বিনিয়োগ বৃদ্ধি কৰিব লাগিব।উত্তৰ-পূবৰ বেছিভাগ পৰ্যটন স্থলী কেৱল বাট-পথৰ দুৰাৱস্থাৰ বাবেই ভালদৰে প্ৰচাৰিত হ’ব পৰা নাই বুলি মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মায়ে উল্লেখ কৰে। এই ক্ষেত্ৰত তেওঁ উত্তৰ-পূব উন্নয়নৰ মন্ত্ৰী ৰেড্ডীক অধিক বিনিয়োগ কৰিবলৈ তেওঁ আহ্বান জনায়।
উত্তৰ-পূর্বাঞ্চলৰ নিৰ্দিষ্ট বিকাশৰ বাবে পৰ্যটন আৰু সংস্কৃতিৰ ক্ষেত্রত অধিক গুৰুত্বৰ প্রয়োজনীয়তা সম্পর্কে উল্লেখ কৰে।
ইয়াৰ লগতে প্ৰথমবাৰৰ বাবে উত্তৰ-পূব উন্নয়ন মন্ত্ৰীক এই দুটা দপ্তৰৰ দায়িত্ব অৰ্পণ কৰাৰ প্রেক্ষাপটত পৰ্যটন আৰু সাংস্কৃতিক উদ্যোগ এক নতুন উচ্চতালৈ উন্নীত হোৱাত অনন্য সুযোগ হিচাপে বিবেচিত হ’ব বুলিও ব্যক্ত কৰে মুখ্যমন্ত্ৰী ড: শৰ্মাই।