ইয়াণ্ডাবু সন্ধি অবৈধ আছিল

: শান্তনু দাস বৰহাজোৱাল

মনোজ কুমাৰ ওজা

manojtelegraphtsk@gmail.com

Mobile number: 6901702296

ডুমডুমা, ২৫ ফেব্ৰুৱাৰী : আজি তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলৰ বৰমেছাইত ইয়াণ্ডাবু সন্ধিৰ ফলত অসমে স্বাধীনতা হেৰুৱাৰ কৰুণ স্মৃতিত অসম সন্মিলিত মহাসংঘৰ উদ্যোগত খিলঞ্জীয়াৰ ক’লা দিৱস উদযাপন কৰা হয় । অসমৰ হৃত স্বাধীনতা উদ্বাৰৰ হকে বৃটিছৰ বিৰুদ্ধে যুদ্ধ কৰা গমধৰ সিংহ প্ৰমুখ্যে সকলো বীৰ-বীৰাঙ্গণালৈ বিশেষ অভিবাদন জনোৱাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে এটি প্ৰতিকী টোপধ্বনিৰে অসম মৰাণ সভাৰ সভাপতি ৰাজীৱ বৰাই ।

পুৱা মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে ক’লা পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে ।

উপস্থিত সকলো খিলঞ্জীয়া জনগোষ্ঠী ৰাইজে ক’লা বেজ পৰিধান কৰে । স্বাধীনতা হেৰুৱাৰ কৰুণ স্মৃতিত বৰমেছাইৰ ৰাজহুৱা প্ৰেক্ষাগৃহত মৰাণ ৰজা বদৌছা সোঁৱৰণী মঞ্চত মতিউৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত সোনোৱাল কছাৰী জাতীয় পৰিষদৰ উপদেষ্টা শান্তনু দাস বৰহাজোৱালে কয়, “ইয়াণ্ডাবু সন্ধি দুটা আক্ৰমণকাৰী বিদেশী শক্তিৰ মাজত হৈছিল, তাত অসমৰ ৰজাৰ স্বাক্ষৰ নাছিল । গতিকে, চুক্তিখনেই অবৈধ । এই বিষয়ত খিলঞ্জীয়া জনগোষ্ঠীসমূহ জাগ্ৰত হ’ব লাগিব ।” তেওঁ আহ্বান জনায় ।

মহাসংঘৰ মহা সচিব পূৰ্ণানন্দ ৰাভাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত বিশেষ অতিথি ৰূপে চিংফৌ ৰাজকুমাৰ বিছা মুংদাং চিংফৌয়ে ৰজা গমধৰ সিংহৰ সৈতে তেওঁৰ আজোককাক বিছা বম গাম চিংফৌয়ে অসমৰ স্বাধীনতাৰ বাবে লোৱা ভূমিকাৰ কথা গৌৰৱৰে অৱগত কৰে আৰু খিলঞ্জীয়া জনগোষ্ঠীসমূহক দৃঢ়তাৰে ঐক্যবদ্ধ হৈ মহাসংঘক সৰ্বতোপ্ৰকাৰে সহযোগিতা কৰিবলৈ আহ্বান জনায় । সভাত বিশিষ্ট অতিথি হিচাপে চিংফৌ জাতীয় পৰিষদৰ সভাপতি চেংগাম লাব্ৰাম আৰু সদৌ অসম বৌদ্ধ মহাসভাৰ সভাপতি তথা ছুপ্ৰিম কৰ্টত অধিকাৰ বিচাৰি গোচৰ তৰা জ্ঞানপাল মহাথেৰে সকলো খিলঞ্জীয়া জনগোষ্ঠীৰ ভৱিষ্যত বংশধৰসকলৰ সুৰক্ষাৰ বাবে হাতে-কামে মহাসংঘক সহায় কৰিবলৈ আহ্বান জনায় । সভাত সদৌ অসম টাইফাকে জাতীয় পৰিষদৰ উপ-সভাপতি আই মৌন ছাখাপ, টিৰাপ স্বায়ত্ব শাসিত দাবী সমিতিৰ সভাপতি পল্লৱ শ্যাম ৱাইলুং, টাংছা নগা জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি তেহন হাখুন, আহোম সভাৰ কাকপথাৰ আঞ্চলিক সমিতিৰ প্ৰাক্তন সভাপতি নিত্যানন্দ গগৈ, চুতীয়া জাতি সন্মিলনৰ তিনিচুকীয়া জিলা সমিতিৰ প্ৰাক্তন সভাপতি বেদ বৰা, মৰাণ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক অজিত মৰাণ আদিয়ে সভাখনত ভাষণ প্ৰদান কৰে আৰু খিলঞ্জীয়া জনগোষ্ঠীয় সংগঠনসমূহক খিলঞ্জীয়া লোকৰ অধিকাৰ চনদ কাৰ্যকৰী কৰি খিলঞ্জীয়াৰ সুৰক্ষাৰ ব্যৱস্থা কৰাৰ দাবীত এক জনজাগৰণ সৃষ্টি কৰিবলৈ আহ্বান জনায় । সভাপতি মতিউৰ ৰহমানে ইয়াণ্ডাবু সন্ধিৰ উচিত এক ৰাজনৈতিক পৰ্যালোচনা আজিলৈ নোহোৱাত গভীৰ উদ্বেগ প্ৰকাশ কৰে আৰু সেয়ে অসমৰ খিলঞ্জীয়াই সঠিক দিশেৰে আগুৱাব পৰা নাই বুলি আক্ষেপ প্ৰকাশ কৰে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply