মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটা পৌৰসভা সভাকক্ষত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীসহ মাৰ্ঘেৰিটা বিধায়ক ভাস্কৰ শৰ্মাই আজি পদেন সদস্য হিচাপে শপত বাক্য পাঠ কৰে। মাৰ্ঘেৰিটা মহকুমা দণ্ডাধীশৰ উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী তথা বিধায়ক ভাস্কৰ শৰ্মাই শপত বাক্য পাঠ কৰে।

আজিৰ কাৰ্যসূচীত মাৰ্ঘেৰিটা পৌৰসভাত আটাইকেইটা ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰ সকল উপস্থিত থাকে। লগতে পৌৰসভাৰ কৰ্মচাৰী সকল উপস্থিত থাকে এই শপতগ্ৰহণ অনুষ্ঠানত।

ব্যস্ত থকাৰ বাবে শপত বাক্য গ্ৰহণ কৰাত কিছু পলম হ’ল বুলি কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে সংবাদমাধ্যমৰ আগত উল্লেখ কৰাৰ লগতে মাৰ্ঘেৰিটা পৌৰসভাৰ অনাগত দিনত হ’ব লগা বিভিন্ন উন্নয়নমূলক কাম কাজ সমূহ ৰূপায়নৰ বাবে আহ্বান জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply