নিউজ ডেস্ক- আজি পুনৰ বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰিলে শিৱসাগৰ আৰক্ষীয়ে।

অংকুশ কেডিয়াৰ নামৰ শিৱসাগৰৰ এজন অনা-অসমীয়া ব্যৱসায়ীৰ মুখত থুওৱা বুলি অভিযোগ উত্থাপনৰ পাছতে মঙ্গলবাৰে শিৱসাগৰৰ আৰক্ষীয়ে বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল শৃংখল চলিহাক।

আনহাতে, বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে কালিয়েই জামিন লাভ কৰিছিল যদিও আজি শিৱসাগৰ জিলা কাৰাগাৰৰ পৰা ওলাবলৈ লোৱাৰ সময়তে পুনৰ শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তেওঁক।

উল্লেখ্য যে, চলিহাই বিহুৰ চান্দাৰ উপৰি আছুতীয়াকৈ টেক্স নিদিয়াৰ বাবে ব্যৱসায়ী গৰাকীৰ মুখত থুৱাইছিল। সেই গোচৰৰ ভিত্তিত কালি শিৱসাগৰ আৰক্ষীয়ে তেওঁক আটক কৰে। আজি জামিনৰ ভিত্তিতে কাৰাগাৰৰ পৰা বাহিৰলৈ ওলোৱাৰ সময়তে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধিনত তেওঁক পুনৰ আটক কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply