নগাঁৱৰ সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত দিনক দিনে বৃদ্ধি পাই অহা অবৈধ অস্ত্ৰৰ সৰবৰাহ সন্দভত নগাঁৱ আৰক্ষীয়ে এক অভিযান চলাই।

নগাঁৱৰ ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত কাছখাইটিত নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতা আৰু ৰূপহীহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জিত কুমাৰ ৰয়ৰ নেতৃত্বত মঙলবাৰে নিশা এক অভিযান চলে।

এই অভিযানত এটা ৭.৬৫ এম এম পিষ্টল আৰু দুটা হস্তনিৰ্মিত গ্ৰেণেড সহ আজিজুৰ ৰহমান নামৰ এটা কুখ্যাত অপৰাধী আৰক্ষীৰ জালত পৰে।

নগাঁৱৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাই জনোৱা অনুসৰি আজিজুৰে পূৰ্বৰে পৰাই ডকাইতি আৰু হত্যাৰ অপৰাধৰ লগত জড়িত আছিল।

ইতিমধ্যে, আৰক্ষীয়ে অধিক তথ্যৰ বাবে মাৰথান জেৰা অব্যাহত ৰাখিছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply