যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিবাস বি ভিক কংগ্ৰেছ নেত্ৰী অংকিতা দত্তই “যৌনতাবাদী” বুলি অভিযোগ উত্থাপন কৰাৰ লগতে লিংগৰ ভিত্তিত বৈষম্যমূলক আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰে।

অভিযোগ উত্থাপন কৰা কিছু ঘণ্টাৰ পিছতে মঙলবাৰে কংগ্ৰেছ নেত্ৰী অংকিতা দত্তৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰে যুৱ কংগ্ৰেছৰ নেতাগৰাকীয়ে।

অংকিতা দত্তই ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি বি ভি শ্ৰীনিবাসৰ বিৰুদ্ধে বৈষম্য আৰু হাৰাশাস্তিৰ ইটোৰ পিছত সিটো অভিযোগ আনিছে। দত্তই টুইটাৰত এই অভিযোগ উত্থাপন কৰাৰ লগতে যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক জনাইছে আহ্বান।

অংকিতা দত্তই টুইটযোগে বিস্ফোৰক অভিযোগ উত্থাপন কৰি লিখিছিল যে আই ৱাই চিৰ সভাপতি শ্ৰীনিবাস বিভিয়ে মোক নিৰন্তৰ হাৰাশাস্তিৰ কৰাৰ লগতে মোৰ লগত লিংগৰ ভিত্তিত বৈষম্য কৰি আহিছে। মোৰ মূল্যবোধ আৰু শিক্ষাই মোক আৰু অনুমতি নিদিয়ে৷ এই কথা মই বহুবাৰ পোহৰলৈ অনাৰ পিছতো শীৰ্ষ নেতৃত্বই চকু মুদা কুলিৰ ভূমিকা গ্ৰহণ কৰিছে।”

ইয়াৰ পিছতে শ্ৰীনিবাসে তেওঁৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰে। টুইটাৰলৈ লৈ তেওঁ অংকিতাৰ জন্মদিনৰ শুভেচ্ছা জনোৱা পূৰ্বৰ এটা পোষ্ট পুনৰ শ্বেয়াৰ কৰে আৰু লগতে আইনী জাননীখনৰো ফটো পোষ্ট কৰিলে। কেপচনত লিখিলে, “যিজনক ভুৱা আৰু মানহানিকাৰক বিষয়বস্তু প্ৰচাৰত লিপ্ত হোৱা দেখা যায়, তেওঁক সংশ্লিষ্ট আইন অনুসৰি দায়ী কৰা হ’ব আৰু তেওঁক জবাবদিহি কৰা হ’ব।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply