তেজপুৰঃ কৰোনা অতিমাৰীয়ে বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে “ভ্ৰাম্যমাণ থিয়েটাৰ”জগতকো । এতিয়া হাজিৰা কৰি দিন অতিবাহিত কৰিব লগীয়া হৈছে ভ্ৰাম্যমাণৰ শিল্পীয়ে।
সুদীৰ্ঘ ২২ বছৰ ভ্ৰাম্যমাণ থিয়েটাৰত জড়িত হৈ থকা তেজপুৰৰ টিংকুমনি ডেকা নামৰ এগৰাকী অভিনেতা – নৃত্যশিল্পীয়ে দিন হাজিৰা কৰি পেটৰ ভাত মোকলাব লগীয়া অৱস্থা হৈছে।
কিয়নো যোৱা বছৰৰ পৰা ক’তো অনুষ্ঠিত হোৱা নাই ভ্ৰাম্যমাণ থিয়েটাৰ। ফলত আৰ্থিক ভাৱে জুৰুলা হৈ পৰিছে ইয়াৰ লগত জড়িত শিল্পীসকল।
টিংকুমনি ডেকাই বৰদৈচিলা, চিত্ৰলেখা, অমৰাৱতী, হেঙুল, ভাগ্যদেৱীকে ধৰি কেইবাটাও “ভ্ৰাম্যমাণ থিয়েটাৰ” পাৰ্টীৰ লগত জড়িত আছিল।
আৰু পঢ়কঃদলঙৰ অভাৱত বাঁহৰ সাঁকোৰে বিপজ্জনক যাতায়ত কৰিবলগীয়া হৈছে নাওজান আৰু ল’ৰাপুতা অঞ্চলবাসীয়ে
প্ৰায় ১২বছৰৰ পৰাই অভিনয়ৰ লগত জড়িত হৈ আছে টিংকুমনি ডেকাই। অভিনয়ৰ সমান্তৰালকৈ টিংকুমনি এগৰাকী সুদক্ষ নৃত্যশিল্পীয়ো।
ভ্ৰাম্যমাণ থিয়েটাৰৰ ১২-১৩খন নাটকত আৰু বিভিন্ন ক্ষেত্ৰত ১০০ৰো অধিক নাটত অভিনয় কৰিছে টিংকুমনিয়ে।
টিংকুৱে ভ্ৰাম্যমাণ থিয়েটাৰত অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰা, গায়ত্ৰী মহন্ত, বৰষা ৰাণী বিষয়া, আঙুৰলতা, মৃদুল ভূঞাকে ধৰি বহুকেইজন অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীৰ লগত অভিনয় কৰিছে ।

এতিয়া মাতৃ,পত্নী আৰু ভাতৃক লৈ দিন হাজিৰা কৰি কোনোমতে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে টিংকুমনি ডেকাই।
এই শিল্পকেই জীৱন আৰু জীৱিকা হিচাপে লোৱা আমাৰ সমাজৰ এনে শিল্পী সকলৰ অৱস্থা এতিয়া অতি দুখলগা হৈ পৰিছে।