ঠেলামৰাঃ ঠেলামৰাত শোকাবহ পথ দুৰ্ঘটনা।
ট্ৰাক আৰু বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত এজন।
ঘটনা অনুসৰি আৰ জে ০৭ জি ডি০১৫১ নম্বৰৰ ট্ৰাক খনে তেজপুৰ অভিমুখে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা এ এছ১৯জে ৫৮৪৬ নম্বৰৰ বাইকখনৰ সৈতে মুখামুখি সংঘৰ্ষ হয়।
লগতে পঢ়কঃভাৰত-বাংলাদেশ সীমান্তত বিএছএফ জোৱানৰ ফিট ইণ্ডিয়া ফ্ৰিডম ৰান
দুৰ্ঘটনাত মৃত্যু হোৱা ব্যক্তিজনৰ নাম সন্তোষ বড়ো। সন্তোষ বড়ো ঘৰ ঠেলামৰাৰ মাজ বৰিগাৱঁৰ বুলি জানিব পৰা গৈছে।
ঘটনাস্থলীত ঠেলামৰা আৰক্ষী উপস্থিত হৈ মৃত্যু হোৱা লোকজনক তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায়।