নিউজ ডেস্কঃ ঠেঙাল কছাৰী স্বায়ত্ত পৰিষদৰ নৱ নিৰ্বাচিত পৰিষদৰ শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত। শনিবাৰে ১১ বজাত কৃষ্ণচূড়া উদ্যানৰ মুকলি মঞ্চত মৰিধি থকা পৰিষদৰ কাৰ্যালয়ৰ এই শপতগ্ৰহণ আৰু সাধাৰণ সভা অনুষ্ঠান অনুষ্ঠিত হয়। নৱ নিৰ্বাচিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে প্ৰতাপ কছাৰীয়ে শপতগ্ৰহণ কৰে।
ইফালে, লখিমপুৰৰ কেশৰাম বৰাই উপ মুখ্য কাৰ্যবাহী হিচাপে কৰে শপতগ্ৰহণ। যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে এই পৰিষদৰ সদস্যসকলক শপত বাক্য পাঠ কৰোৱায়। শনিবাৰৰ ঠেঙাল স্বায়ত্ত পৰিষদৰ এই শপত গ্ৰহণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী পীয়ুষ হাজৰিকা, সাংবাদ তপন কুমাৰ গগৈ, নৱ কুমাৰ দলে।
উল্লেখ্য যে, ২২খন আসনযুক্ত ঠেঙাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত বিজেপি আৰু মিত্ৰজোঁট দলে সংখ্যা গৰিষ্ঠতা লাভ কৰাৰ পিছত পৰিষদখনৰ মুখ্য কাৰ্যবাহী পদক লৈ দলৰ ভিতৰচৰাত সংঘাত সৃষ্টি হৈছিল।