গুৱাহাটী : ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব অহা ২০ জানুৱাৰীত। মুঠ ২২ টা সমষ্টিৰ বাবে ২০ জানুৱাৰীত অনুষ্ঠিত হ’ব ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন। ইতিমধ্যে ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ উদ্দেশ্যে নিৰ্বাচনী আয়োগে জাৰি কৰিছে অধিসূচনা।

নিৰ্বাচনী আয়োগৰ অধিসূচনা অনুসৰি, প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ জমা দিয়া শেষ দিন ৩১ ডিচেম্বৰ আৰু মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ শেষ দিন ৩ জানুৱাৰী ধাৰ্য কৰা হৈছে। মনোনয়ন পুনৰীক্ষণ হ’ব ১ জানুৱাৰীত। আনহাতে ভোটগণনা হব ২৪ জানুৱাৰীত। ইতিমধ্যে এই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলগীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে বিজেপিৰ সভাপতি ভৱেশ কলিতাই।

লগতে পঢ়ক  :  ডিব্ৰুগড়ত আছু কৰ্মীক নিগ্ৰহৰ ঘটনাত লখিমপুৰত প্ৰতিবাদ

উল্লেখ্য যে, এই নিৰ্বাচনত বিজেপিৰ হৈ ১৭ টা সমষ্টিত ১৭ জন বিজেপি প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰাৰ তালিকা প্ৰকাশ কৰিছে বিজেপিৰ সভাপতি গৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply