আজি নাগালেণ্ড আৰু মেঘালয়ত বিধানসভাৰ নিৰ্বাচনৰ ভোট গ্ৰহণ কৰা হৈছে।

পুৱা ৭ বজাৰ পৰা কটকটীয়া নিৰাপত্তা ব্যৱস্হাৰ মাজেৰে দুয়েখন ৰাজ্যতে ভোট গ্ৰহণ আৰম্ভ হৈছিল। আৰু বিয়লি ৪ বজাত ভোট গ্ৰহণ প্ৰক্ৰিয়া অন্ত পৰিব।  

নিৰ্বাচনৰ মাজতে নাগালেণ্ডত এক হিংসাত্মক ঘটনা সংঘটিত হয়।

নাগালেণ্ডতৰ ৪০নং ভাণ্ডাৰী সমষ্টিৰ অল্ড আক’ক (old akok)ত গুলীবৰ্ষণৰ ঘটনা সংঘটিত হয়। NPP আৰু NPFৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত ঘটে।

জানিব পৰা মতে, NPFৰ সমৰ্থকে NPPৰ কৰ্মীক গুলীয়াই আহত কৰে। গুলিচালনাত ৪জন আহত হয় আৰু ১জনৰ অৱস্হা অতি সংকটজনক।

আনহাতে, নাগালেণ্ডৰ আলাংটাকিত ভোটগ্ৰহণ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। মোককচাঙৰ উমা বস্তিত  দুবৃত্তই ভোটদাতা ৰাইজলৈ শিলগুটি নিক্ষেপ কৰে। দুটা ফৈদৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হয়।

এই অপ্ৰীতিকৰ ঘটনাৰ বাবে কেন্দ্ৰটোত ভোটদান সাময়িকভাৱে স্থগিত ৰখা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply