নিউজ ডেস্কঃ ৰাজ্যত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে। বিভিন্ন জনৰ ঘৰ-বাৰী উটুৱাই নিছে প্ৰলংয়কাৰী বানে। বানে উটুৱাই নিছে পশুধন। লগতে বানত পৰি বহুকেইজন লোকৰ মৃত্যু হোৱাৰ খবৰো পোৱা গৈছে। এইবাৰ যমুনামুখত বানৰ মাজতে উদ্ধাৰ হৈছে এটা মৃতদেহ। পথৰ দাঁতিতে উদ্ধাৰ কৰা হৈছে মৃতদেহটো। বানৰ কোবাল সোঁতে মৃতদেহটো উটুৱাই অনাৰ সন্দেহ কৰা হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য।
ইফালে কামপুৰত মাছ মাৰি থকা অৱস্থাত পানীৰ কোবাল সোঁতত উটি গ’ল এজন যুৱক। যুৱক জনৰ নাম ছৰিফ আলী। এছ ডি আৰ এফ বাহিনীয়ে যুৱকজনৰ সন্ধানত উদ্ধাৰ অভিযান চলাই আছে যদিও এতিয়ালৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।
লগতে পঢ়কঃমহানগৰীৰ চানমাৰীত দুৰ্বৃত্তৰ দলবদ্ধ আক্ৰমণৰ ঘটনা
ইফালে জামুগুৰিহাটৰ ১নং বালিজুৰিত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে। পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো। মৃত যুৱকজন অনিয়াৰ্চ দাহাংগা বুলি চিনাক্ত কৰা হৈছে।
ইফালে শিলচৰতো প্ৰলয়ংকাৰী বানৰ তাণ্ডৱ। পথ অতিক্ৰম কৰিব খোজোতেই পানীৰ প্ৰবল সোঁতে উটুৱাই নিলে এজন যুৱকক। বৰাকৰ বাঢ়নী পানীয়ে এতিয়া সংহাৰী ৰূপ ধাৰণ কৰিছে। জলমগ্ন হৈ পৰিছে শিলচৰৰ বহুকেইটা অঞ্চল।