সোমবাৰে অসমৰ তথ্য আৰু জনসংযোগ মন্ত্ৰী পিযুষ হাজৰিকাই সাংবাদিকসকলক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ নৈতিকতা ৰক্ষা কৰিবলৈ আহ্বান জনায়।

গৌহাটী প্ৰেছ ক্লাৱৰ বছৰজোৰা সোণালী জয়ন্তী উদযাপনৰ শুভ উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, সংবাদ মাধ্যমৰ এটা অংশই তথ্য পৰীক্ষা নকৰাকৈ তথাকথিত ‘ব্ৰেকিং নিউজ’ৰ দৌৰত লিপ্ত হয় আৰু ইয়াৰ ফলত সম্ভ্ৰান্ত বৃত্তিটোক কলংকিত কৰে।

আৰু তেওঁ কয়,  এইটো মূলতঃ দুই এজনে নিজৰ বিষয়ৰ ওপৰত নৈতিকতা আৰু সঠিক জ্ঞানৰ অভাৱৰ বাবেই কৰে।

আনহাতে, চৰকাৰে ৰাইজৰ বাবে গ্ৰহণ কৰা ভাল পদক্ষেপসমূহ গ্ৰহণ কৰাৰ লগতে একে সময়তে চৰকাৰে গ্ৰহণ কৰা যিকোনো ভুল বা জনবিৰোধী পদক্ষেপক সাহসেৰে উজ্জ্বল কৰি তুলিবলৈ মন্ত্ৰীগৰাকীয়ে সাংবাদিকসকলক আহ্বান জনায়।

তেওঁ সংবাদ মাধ্যমৰ ব্যক্তিসকলৰ কল্যাণৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা চিকিৎসা, পেঞ্চন, ফেল’শ্বিপ কাৰ্যসূচীকে ধৰি বিভিন্ন পদক্ষেপৰ ওপৰতো আলোকপাত কৰে।

মন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰে আবন্টন দিয়া গুৱাহাটী প্ৰেছ ক্লাবৰ নিজস্ব ভূমিত নিৰ্মান কাৰ্যৰ ভাৰ্চুৱেলী শিলান্যাস স্থাপন কৰে, আৰু জিপিচিয়ে গ্ৰহণ কৰা পদক্ষেপ ‘গিফ্ট এ চাইল্ড এডুকেচন’ মুকলি কৰে।

আনহাতে, ৰাজ্যৰ মুঠ ৫০ গৰাকী জ্যেষ্ঠ সাংবাদিককো সম্বৰ্ধনা জনোৱা হয়। লগতে ৰাজ্যৰ আগশাৰীৰ শিল্পীসকলক লৈ এক সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply