অসম চৰকাৰে মাত্ৰ ৯ খন কেবিনেটত ৩,৬৮,৩০,১১৬ কোটি টকা খৰচ কৰিলে।

বিগত সময়ত অসমৰ বিভিন্ন জিলাত হৈ যোৱা কেবিনেট বৈঠকৰ নামত খৰচ কৰিলে ৩,৬৮,৩০,১১৬ কোটি টকা।  

জানিব পৰা মতে, খোৱা বোৱাকে ধৰি অন্যান্য শিতানৰ খৰচ কৰে এই টকা। বিধান সভাত কমলাক্ষ দে পুৰকায়স্থই সোধা এটা লিখিত প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ৰঞ্জিত দাসে দাঙি ধৰিছে এই তথ্য।

বিগত সময়ত যোৰহাট, শিলচৰ, ডিমা হাচাও, কোকৰাঝাৰ, বঙাইগাঁও, শোণিতপুৰ, ধেমাজী, ডিব্ৰুগড় আৰু কামৰূপত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটৰ ৯ খন বৈঠকৰ বাবে চৰকাৰে খৰচ কৰিছে ৩,৬৮,৩০,১১৬ কোটি টকা।

বৰ্তমান সময়ত ৰাজ্যত অৰ্থনীতি কোটি কোটি টকাৰ ঋণত বুৰ গৈ আছে। আৰু সেই সময়ত ১৬ জন কেবিনেট মন্ত্ৰীয়ে ৯ খন বৈঠক অনুষ্ঠিত কৰাৰ নামত খৰচ কৰিছে বৃহৎ পৰিমানৰ ধন।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply