নিউজ ডেস্ক – অসমত দিনে দিনে ধাৰৰ বোজা বৃদ্ধি হোৱা দেখা গৈছে। এই সৰ্ন্দভত বিধায়ক অখিল গগৈ মন্তব্য কৰি কয় যে, “আটাইতকৈ বেছি ধাৰ লোৱা চৰকাৰ হিচাপে পৰিগণিত হৈছে হিমন্ত চৰকাৰ। ধাৰ কৰি হলেও ঘিঁ, মৌ খাব লাগে। আৰু ধাৰ কৰিব হেলিকপ্তাৰত উঠিব”।
তেওঁ লগতে কয়, “তৰুণ গগৈ আৰু সৰ্বানন্দ চৰকাৰৰ দিনতো ইমান ধাৰত জুৰুলা হোৱা নাছিল চৰকাৰখন।”
কালি বিধানসভাৰ মঁজিয়াত উন্মোচিত তথ্য অনুসৰি স্বাধীনতাৰ পিছৰে পৰা ১৫ বছৰৰ শাসনকালত তৰুণ গগৈ চৰকাৰ পৰ্যন্ত ইতিহাসৰ সৰ্বমুঠ ধাৰ আছিল ৪১,৯৬৪ কোটি টকা। বিগত ৫ বছৰত সৰ্বানন্দ সোণোৱালৰ দিনত ধাৰ আছিল ৪৮,৮০১ কোটি টকা ।
উল্লেখিত তথ্য অনুসৰি অসমত ৩০ নৱেম্বৰ ২০২২ লৈ মুঠ ধাৰ ৩১,০৭৩ কোটি টকা। ফলত আটাইতকৈ বেছি ধাৰ লোৱা চৰকাৰ হিচাপে পৰিগণিত হৈছে এইখন চৰকাৰ।
সেই দিশৰ পৰা অসম চৰকাৰে লোৱা ঋণৰ পৰা এজন মানুহৰ ওপৰত আছে মুঠ ৩৮ হাজাৰ টকাকৈ ধাৰৰ বোজা। আনহাতে, দুবছৰ নোহোৱাৰ পূৰ্বে বৰ্তমানৰ চৰকাৰে ধাৰ লৈছে ৪০,৫০৯ কোটি টকা।