পল্লব মিলি, লখিমপুৰ: যিকোনো মূহুৰ্ততে গেৰুগামুখস্থিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত অঘটন সংঘটিত হোৱাৰ আশংকাই দেখা দিছে। কিয়নো NHPCৰ নামনি অংশত মেলিছে কিছু ফাঁট।

জানিব পৰা অনুসৰি- যি পথেৰে বাহন তথা শ্ৰমিক সকলে অহা-যোৱা কৰে, সেই পথটোতে এতিয়া বৃহৎ ফাঁট মেলা পৰিলক্ষিত হৈছে। বৰ্তমান সোৱণশিৰিত পানী কমিছে যদিও সুৰংগৰ সন্মুখত বৃহৎ ফাঁট মেলাত আতংকিত হৈছে জনসাধাৰণ।

বৃহৎ বৃহৎ ফাঁট মেলাত বন্ধ কৰি দিয়া হৈছে শ্ৰমিক আহ-যাহ কৰা পথটো। যাৰ ফলত সুৰংগটোৰ ভিতৰেৰে বিপদ সংকুল ভাৱে আহ-যাহ কৰিবলগীয়া হৈছে শ্ৰমিকসকলে। এতিয়া পুনৰ জনতাই প্ৰশ্ন উত্থাপন কৰিছে যে- কিমান সুৰক্ষিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply