২০১৬ চনৰ মে’ মাহত কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে দেশৰ গ্ৰাম্য এলেকাত বসবাস কৰা পৰিয়ালসমূহৰ মহিলাসকলক উপকৃত কৰাৰ অৰ্থে ‘প্ৰধানমন্ত্ৰী উজ্জলা যোজনা’ প্ৰৱৰ্তন কৰিছিল ।
এই আঁচনিৰ মূল উদ্দেশ্য আছিল কেন্দ্ৰীয় চৰকাৰে গ্ৰাম্যাঞ্চলৰ দৰিদ্ৰ মহিলাসকলক ইমানদিনে পৰম্পৰাগত ৰন্ধন ইন্ধনৰ পৰা সন্মুখীন হোৱা নানা অসুবিধাৰ পৰা মুক্তি প্ৰদান কৰা।
আনহাতে, আঁচনিখনৰ সফলতাৰ পাছত ঢাক-ঢোল কোবাই প্ৰধানমন্ত্ৰী মোদীৰ হাস্যবদন ছবিসহ দেশৰ প্ৰান্তে প্ৰান্তে আঁৰি দিয়া হৈছিল বৃহৎ আকাৰৰ হৰ্ডিং। আৰু এই হৰ্ডিঙত বৰ-বৰ হৰফেৰে লিখা হৈছিল, “মহিলাসকলে পালে সন্মান। স্বচ্ছ ইন্ধন, সুন্দৰ জীৱন।”
এতিয়া পিছে, কেন্দ্ৰীয় চৰকাৰে মহা আড়ম্বৰেৰে সফলতাৰ জয়গান গোৱা এই আঁচনিখনৰ সাফল্যৰ পৰিৱৰ্তে সম্পূৰ্ণ এক বিপৰীত ছবিহে প্ৰত্যক্ষ হৈছে।
আনহাতে, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে যোৱা ১ ফেব্ৰুৱাৰীত ২০২৩-২০২৪ বৰ্ষৰ বাজেট দাখিল কৰাৰ সময়ত প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত ৯.৬ কোটি এলপিজি সংযোগ প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰিছিল। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অফিচিয়েল ৱেবছাইটৰ তথ্য অনুসৰি এই আঁচনিৰ অধীনত ২০২৩ চনৰ ২ ফেব্ৰুৱাৰীলৈকে ৯.৫৮ কোটিতকৈ অধিক গেছ সংযোগ মুকলি কৰা হৈছে।
তথ্য অনুসৰি, ২০২০ চনৰ মাৰ্চ মাহৰ ভিতৰত এই আঁচনিৰ অধীনত ৮ কোটি দৰিদ্ৰ পৰিয়াললৈ এল পি জি সংযোগৰ লক্ষ্য লোৱা হৈছিল। ২০২১ চনত চৰকাৰে প্ৰব্ৰজিত পৰিয়ালক বিশেষ গুৰুত্ব দি অতিৰিক্ত ১ কোটি পৰিয়ালক সামৰি লোৱাৰ বাবে প্ৰধানমন্ত্ৰী উজ্জলা যোজনা ২.০ আৰম্ভ কৰিছিল।
২০২৩ চনৰ ২ ফেব্ৰুৱাৰীত লোকসভাত দিয়া তথ্য অনুসৰি ২০২২ চনৰ জানুৱাৰী মাহত এই লক্ষ্যত উপনীত হোৱাৰ লগতে ৬০ লাখ অতিৰিক্ত সংযোগৰ লক্ষ্যও লোৱা হৈছিল।
আনহাতে, চিলিণ্ডাৰ পুনৰ ভৰ্তিৰ ক্ষেত্ৰত হিতাধিকাৰীসকলৰ ক্ষমতা নাথাকে। কাৰণ,এই আঁচনিৰ মুকলিৰ সময়ত প্ৰথমবাৰ বিনামূলীয়াকৈ প্ৰদান এল পি জি সংযোগ শেষ হোৱাৰ পিছত চিলিণ্ডাৰ পুনৰ ভৰ্তিৰ বাবে ব্যয় কৰিবলগীয়া হৈছিল হিতাধিকাৰীসকলে।
২০১৬ চনৰ মে’ মাহত আঁচনিৰ মুকলিৰ সময়ত দিল্লীত এটা ষ্টেণ্ডাৰ্ড নন-ছাবচিডিজড ১৪.২ কেজি এলপিজি চিলিণ্ডাৰৰ মূল্য আছিল ৫২৭.৫ টকা। কিন্তু ২০২২ চনৰ জুলাইলৈকে এই সংখ্যা দুগুণ বৃদ্ধি পাই ১০৫৩ টকা হৈছে। বৰ্তমান এলপিজি চিলিণ্ডাৰৰ মূল্য প্ৰায় ১২০০ টকা।
ৰাজসাহায্যৰ প্ৰায় কৰ্তনৰ লগতে যোৱা এটা বছৰত এল পি জিৰ অতিমাত্ৰা মূল্যবৃদ্ধিয়ে গ্ৰামাঞ্চলৰ দৰিদ্ৰ পৰিয়ালসমূহৰ বাবে ৰন্ধন গেছৰ ব্যৱহাৰ স্বাভাৱিকতেই প্ৰায় অসমৰ্থ কৰি তুলিছে। এনে অৱস্থাত এই দৰিদ্ৰ পৰিয়ালসমূহে পৰম্পৰাগতভাৱে প্ৰদূষণকাৰী ৰন্ধন ইন্ধন যেনে- খৰি, কয়লা, গৰুৰ গোবৰ ব্যৱহাৰ কৰিবলৈ বাধ্য হ’ব; যাৰ ফলত বিশেষকৈ মহিলা আৰু শিশুৰ স্বাস্থ্যৰ অৱনতি ঘটিব। তাৰ পিছতো প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ বৃহৎ বৃহৎ হৰ্ডিঙত বৰ-বৰ হৰফেৰে লিখা থাকিব, “মহিলাসকলে পালে সন্মান। স্বচ্ছ ইন্ধন, সুন্দৰ জীৱন।”