অসমৰ থলুৱা খাদ্যসম্ভাৰৰ জুতিয়ে সদায়ে এক সুনাম বৰ্তাই ৰাখিছে। বসন্তৰ আগমনৰ লগে লগেই প্ৰকৃতিয়ে ন-সাজেৰে ব’হাগক আদৰণি জনোৱাৰ সময়তে অসমীয়া সমাজত আদৰ বাঢ়ে সকলোৰে পৰিচিত ‘আমৰলি’ কেইটাৰ৷ কিয়নো, আমৰলি টোপ কেৱল সু-স্বাদুয়েই নহয়, বৰং ই মহৌষধো ৷ ব’হাগ বিহুৰ লগত আমৰলি পৰুৱাৰ এক নিবিড় সম্পৰ্ক আছে৷

ব’হাগ বা ৰঙালী বিহুত মাঘ বিহুৰ দৰে খাদ্যৰ আড়ম্বৰতা নাথাকে যদিও যিহেতু অসমীয়া জাতিৰ নতুন বর্ষক আদৰাৰ সময়, এই সময়ত কিছু নীতি-নিয়মৰ উপৰিও আমৰলি পৰুৱাৰ টোপ খোৱাটো পৰম্পৰাগতভাৱেই চলি আহিছে বিশেষককৈ অসমৰ জনজাতি লোকসকলৰ মাজত দেখা পোৱা খাদ্যৰাজিৰ ভিতৰত এবিধ প্ৰিয় খাদ্য আমৰলি টোপ। ব’হাগ বিহুৰ সময়ত অসমৰ আহোম, চুতীয়া, বড়ো, কছাৰী, ৰাভা আদি সম্প্ৰদায়ৰ লোকসকলে পৰম্পৰাগত খাদ্য হিচাপে আমৰলি টোপ ভাজি খায় ৷

বিশেষকৈ গৰু বিহুৰ দিনা আমৰলি টোপ ভাজি খোৱা এক পৰম্পৰা আছে৷ টোপবোৰত অধিক প্ৰ’টিন আৰু ফেটি এচিড থাকে৷ বসন্ত ৰোগকে ধৰি বহু ৰোগৰ মহৌষধ হিচাপে ই কাম কৰে ৷ বহুতে আমৰলি টোপ আঞ্জা কৰি খায়৷

জনবিশ্বাস মতে গৰু বিহুৰ দিনা আমৰলি টোপৰ আঞ্জা খালে নাকৰ এৱাৰোগ নিৰ্মূল হয়৷ আমৰলিৰ টোপ কণীৰ লগত ভাজি খালে বংশ বৃদ্ধি হয় বুলি জনবিশ্বাস আছে ৷

আমৰলি টোপত থকা খাদ্যৰ মানদণ্ড কিছু এনে ধৰণৰ।

প্ৰ’টিন— ৫৩.৫ গ্রাম।
আঁহ– ৬.৯ গ্রাম।
মেগনেছিয়াম— ০.৭ গ্রাম।
ক্ল’ৰিণ— ০.২১ গ্রাম।
ভিটামিন বি-০.০০৯২ গ্ৰাম।
চর্বি— ১৩.৫ গ্রাম।
ফছফৰাছ-০.১৮ গ্ৰাম।
ছ’ডিয়াম— ০.৮ গ্রাম।
জিংক— ০.০২ গ্রাম।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply