শুকুৰবাৰে অসম আৰু অৰুণাচলৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা সীমা বিবাদক লৈ পুনৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। অৰুণাচল প্ৰদেশৰ ছেইজোহা নামৰ এলেকাৰ এটা সদ্য উত্থাপিত সীমান্তৰ সমস্যাৰ সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ বৈঠকখন অনুষ্ঠিত কৰা হয়।
বৈঠকত অসমৰ হৈ অংশগ্ৰহণ কৰে অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকা আৰু চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ লগতে অৰুণাচল প্ৰদেশৰ পাকেকিচাংৰ মাননীয় বিধায়ক শ্ৰীযুত বিয়ুৰাম বাঘে আৰু এ পি ৰ মাননীয় মন্ত্ৰী মামা নাটুং লগতে বন বিভাগৰ উচ্চ পদস্থ বিষয়াসকলে।
এই বৈঠকত ২ খন ৰাজ্যৰ মাজত সীমা বিবাদৰ সমাধানৰ দিশত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহন কৰে। অৰুণাচলৰ দখলত থকা ন মৰা, ৱেষ্ট বেংক আদি কৰি কেইবাটাও অঞ্চলক লৈ বহু সময় ধৰি দুয়োপক্ষৰ মাজত চলা আলোচনাৰ অন্তত অৰুণাচলে নিজৰ দখলত থকা সম পৰিমাণৰ মাটি অসমক এৰি দিয়াৰ সিদ্ধান্ত গ্ৰহন কৰে ৷ বৈঠকৰ পিছতে দুয়ো পক্ষই কেইবাটাও বিবাদমান এলেকা পৰিদৰ্শন কৰে ৷