নিউজ ডেস্কঃ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ বিধায়ক সন্দৰ্ভত কৰা মন্তব্যৰ সন্দৰ্ভত বিৰোধী কংগ্ৰেছে অধ্যক্ষৰ সন্মুখত বিশেষাধিকাৰ ভংগৰ অভিযোগ দিছিল ৷
কংগ্ৰেছৰ অভিযোগৰ ভিত্তিত অধ্যক্ষই কৰা তদন্তত উপযুক্ত তথ্য-প্ৰমাণ পোৱা নাই বুলি বুধবাৰে সদৰী কৰে অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে।
উল্লেখ্য যে, ছিপাঝাৰৰ গৰুখুঁটিত সংঘটিত ঘটনাৰ দিনা সাংবাদিকৰে হোৱা বাৰ্তালাপত আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই বিধায়ক সন্দৰ্ভত ‘মই পুলিচ ৷ মই বিধায়ক-চিধায়ক নামানো’ বুলি মন্তব্য কৰিছিল ৷’
লগতে পঢ়কঃআলফা (স্বা)ত যোগদান কৰিবলৈ আহি সোণাৰিত আটক এজন
ইফালে, বুধবাৰে সাংবাদিকৰে হোৱা বাৰ্তালাপত অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে কয়- “ভিডিঅ’ ফুটেজত পোৱা তথ্যৰ আধাৰত বিশেষাধিকাৰ ভংগৰ তথ্য-প্ৰমাণ পৰ্যাপ্ত নহয় ৷ তেওঁ সেই মন্তব্য কৰাৰ সময়ত কোনো বিধায়ক উপস্থিত নাছিল ৷’
আনকি অভিযোগ দিয়া কংগ্ৰেছেও কোনো তথ্য জমা দিয়া নাই বুলিও অধ্যক্ষ গৰাকীয়ে উল্লেখ কৰে।
এই সন্দৰ্ভত চলা চৰ্চাক লৈ বিধানসভাৰ নিজ সভাকক্ষত সাংবাদিকৰে হোৱা বাৰ্তালাপত অধ্যক্ষ দৈমাৰীয়ে ক’লে- “সদন চলি থকাৰ সময়ত গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে ল’ব লাগে অনুমতি ৷ সদন চলি নাথাকিলে গ্ৰেপ্তাৰৰ পিছত জনাব লাগে অধ্যক্ষক ৷“
বিধায়ক শ্বেৰমান আলী আহমেদক গ্ৰেপ্তাৰ কৰাৰ পিছত নিয়মানুসৰি অসম আৰক্ষীৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু বিশেষ আৰক্ষী সঞ্চালক প্ৰধানে অধ্যক্ষক জনোৱা বুলিও সদৰি কৰে অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে ৷