নিউজ ডেস্ক : বুধবাৰে মোদীৰ মন্ত্ৰীসভাত দ্বিতীয়বাৰৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীৰূপে দায়িত্বভাৰ গ্ৰহণ কৰা ৰাজ্যৰ প্ৰাক্তন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰদান কৰা হৈছে বন্দৰ, জাহাজ আৰু জল পৰিবহনৰ লগতে আয়ুষ মন্ত্ৰ্যালয়ৰ দায়িত্ব।
আজি হোৱা সম্প্ৰসাৰণত সোণোৱালৰ উপৰি উত্তৰ-পূবৰ আন চাৰি গৰাকীয়ে মন্ত্ৰীত্ব লাভ কৰে। ইয়াৰ ভিতৰত ডিব্ৰুগড় সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলীয়ো আছে।
মোদী কেবিনেটত খাদ্য সংসাধন উদ্যোগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্য্যনিৰ্বাহ কৰি থকা তেলীক এইবাৰ অৰ্পন কৰা হৈছে পেট্ৰোলীয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয় তথা শ্ৰম আৰু নিয়োগ মন্ত্ৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব।
আনহাতে ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুক এতিয়াৰ পৰা আইন আৰু ন্যায় মন্ত্ৰীৰ দায়িত্ব অৰ্পন কৰা হৈছে।
ইয়াৰ উপৰি ত্ৰিপুৰাৰ প্ৰতিমা ভৌমিকক দিয়া হৈছে সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব প্ৰদান কৰা হৈছে। উল্লেখযোগ্য যে ভৌমিকে আজি ত্ৰিপুৰাৰ প্ৰথম গৰাকী কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে।
মণিপুৰৰ ড০ ৰাজকুমাৰ ৰঞ্জন সিঙক বৈদেশিক মন্ত্ৰ্যালয় আৰু শিক্ষা মন্ত্ৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব অৰ্পন কৰা হয়।
লগতে পঢ়ক : ক’ভিড আক্ৰান্ত লোকে কেনে ডায়েট গ্ৰহণ কৰিব লাগে? জানক বিশেষজ্ঞৰ পৰামৰ্শ