ডবকাঃনাগালেণ্ডৰ ধনশিৰিত ডবকা আৰক্ষীৰ অভিযান ৷
আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ চাৰি দুৰ্ধষ বাইক চুৰ ৷ গ্ৰেপ্তাৰ হোৱা বাইক চুৰ কেইটা ক্ৰমে জাকিৰ হুছেইন, চাহাব উদ্দিন, ফিলিপ চাউহাং আৰু আচ্ছি নামাই ৷
লগতে পঢ়কঃকামৰূপ মহানগৰ জিলাত নৱ-নিযুক্ত উপায়ুক্তৰ কাৰ্যভাৰ গ্ৰহণ
ধৃত জাকিৰ আৰু চাহাব উদ্দিনৰ ঘৰ মোৰাঝাৰৰ বৰহাওঁৰত আৰু ফিলিপ চাউহাঙ আৰু আচ্ছি নামাইৰ ঘৰ নাগালেণ্ডৰ পাৰেন জিলাৰ জালুকি থানাৰ অন্তৰ্গত ভেটেনাৰী কলনিত ৷
চুৰ কেইটাৰ পৰা উদ্ধাৰ তিনিখন বাইক ৷
ধৃত চুৰ কেইটাক ডবকা আৰক্ষী থানাত মাৰাথান জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷