ৰূপহীহাট : ৰূপহী গাঁও পঞ্চায়তৰ গ্ৰামোন্নয়নৰ নথি জ্বলাই ভস্মীভূত কৰিলে চোৰে। বৃহস্পতিবাৰে নিশা ৰূপহী গাঁও পঞ্চায়ত কাৰ্যালয়ত সংঘটিত হয় এক ৰহস্যজনক চুৰিকাণ্ড। চোৰে কাৰ্যালয়ৰ তলা ভাঙি উলিয়াই নিয়ে গুৰুত্বপূৰ্ণ নথি পত্ৰ।

গ্ৰামোন্নয়নৰ গুৰুত্বপূৰ্ণ নথি বাহিৰলৈ উলিয়াই পঞ্চায়ত কাৰ্যালয়ৰ চৌহদতে চোৰে নথি সমূহত অগ্নি সংযোগ কৰি ভস্মীভূত কৰে। পঞ্চায়তৰ কাৰ্যালয়ত সংৰক্ষিত হৈ আছিল এন আৰ চিৰ বহু গুৰুত্বপূৰ্ণ নথি।।ইতিমধ্যে চুৰিকাণ্ড সন্দৰ্ভত ৰূপহীহাট থানাত এজাহাৰ দাখিল কৰা হৈছে।

লগতে পঢ়ক : ভৱনীপুৰ উপ নিৰ্বাচন : মমতা বেনাৰ্জীয়ে মনোনয়ন পত্ৰ দাখিল কৰিলে

উল্লেখ্য যে ১০ গৰাকী ৱাৰ্ড সদস্যই পঞ্চায়ত সভাপতি হাৰুণ ৰছিদৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ দাখিল কৰাৰ পিছতেই সংঘটিত।হোৱা এই চুৰিকাণ্ডৰ আঁৰত ৰহস্য থকাৰ সন্দেহ প্ৰকাশ হৈছে। ৰূপহীহাট থানাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি ইতিমধ্যে পঞ্চায়ত সচিৱ আৰু নৈশ চকীদাৰক সোধ পোছৰ বাবে থানালৈ নিয়ে যদিও সোধ পোছৰ অন্তত মোকলাই দিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply