নিউজ ডেস্কঃ আজি অন্ত পৰিব অসম বিধান সভাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচন।
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত বহুকেইগৰাকী ৰথী- মহাৰথীয়ে ভোটাধিকাৰ সাব্যস্ত কৰিলে।
মন্ত্ৰী তথা জালুকবাৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী হিমন্ত বিশ্ব শৰ্মাই সপৰিয়ালে আহি আমিনগাঁও বেংগলী হাইস্কুল কেন্দ্ৰত সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ।
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ৪০খন আসনৰ ভিতৰত ২২খনৰো অধিক আসন পোৱাটো নিশ্চিত বুলি ভোটদান কৰি মন্ত্ৰী শৰ্মাই মন্তব্য কৰে।
ইফালে সৰভোগত পৰিয়াল সহ ভোটাধিকাৰ সাব্যস্ত কৰিলে বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ।
অসম প্ৰদেশ কংগ্ৰেছ কমিটি, সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষা ববিতা শৰ্মাই সাব্যস্ত কৰিলে ভোটাধিকাৰ।
দিছপুৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী মনজিত মহন্তই সাব্যস্ত কৰিলে ভোটাধিকাৰ।
অসমৰ জনপ্ৰিয় কন্ঠশিল্পী দিপলীনা ডেকাই মঠঘৰীয়াত ভোটাধিকাৰ সাব্যস্ত কৰিলে ।
ইউ পি পি এল প্ৰাৰ্থী উখ্ৰাও গৌৰা ব্ৰহ্মই পুৱাই সপৰিয়ালে ভোটদান কৰে।
১২বজালৈকে অসমৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটদানৰ হাৰ ৩৩.১৮শতাংশ।