নিউজ ডেস্ক : চাকৰিৰ আশাত যিসময়ত অধিক সংখ্যক যুৱক-যুৱতীয়ে ৰাজ্যৰ বাহিৰলৈ ঢাপলি মেলিছে গোৱালপাৰা জিলাৰ এজন এজন উদ্যমী তথা শিক্ষত যুৱক দেৱব্ৰত ৰাভাই কৃষিকৰ্মৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰি তোলাৰ উপৰি আন ২০ জনৰ বাবেও সংস্থাপনৰ বাট মুকলি কৰিছে।

কলখেতিৰ জৰিয়তে গোৱালপাৰাৰ লগতে গোটেই নামনি অসমতে এগৰাকী আদৰ্শ খেতিয়ক হিচাপে পৰিচিত ৰাভাই বৰ্তমান কল খেতিৰ লগতে মীন পালন, গো পালন, অমিটা খেতি আদিটো মনোনিৱেশ কৰি সমানেই লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে।

২০০৮ চনৰ পৰা খেতিৰ সৈতে জড়িত হৈ থকা গোৱালপাৰাৰ ৰংজুলি ৰাজহ চক্ৰৰ ধনুভঙা সাদং গাঁৱৰ ৰাভাই ২০১৪ চনত নিজৰ গাঁৱৰে হীৰেন ৰাভা, দীপাংকৰ ৰাভা, দীপজ্যোতি ৰাভা, দুৰ্গেশ্বৰ ৰাভা আৰু প্ৰাণ ৰাভাক লগত লৈ ‘নৱজাগৰণ যুটীয়া দায়বদ্ধ গোট’ নামৰ এটা গোট গঠন কৰি ৫০ বিঘা মাটিত কলখেতি আৰম্ভ কৰিছিল।

এগৰাকী স্নাতক ডিগ্ৰীধাৰী হোৱা সত্ত্বেও চাকৰিৰ বিচাৰি সময় নষ্ট কৰাৰ পৰিৱৰ্তে খেতিত ধৰা ৰাভাই প্ৰথম অৱস্থাত নিজৰ ঘৰৰে দুবিঘা মাটিত কুঁহিয়াৰ খেতিৰ জৰিয়তে কৃষিকাৰ্য্য আৰম্ভ কৰিছিল। প্ৰায় দুটা বছৰ কুঁহিয়াৰ খেতি কৰাৰ পিছত তাৰ পৰা লাভ কৰা টকাৰে তেওঁ ৪ বিঘা মাটিত মালভোগ কলৰ খেতি আৰম্ভ কৰে।

ৰাভাই জানিবলৈ দিয়া মতে তেওঁলোকৰ নৱজাগৰণ যুটীয়া দায়বদ্ধ গোটে এতিয়া খেতিৰ পৰিসৰ বৃদ্ধি কৰি ১২০ বিঘা মাটিত প্ৰায় ৩০ হাজাৰটা কলপুলি ৰোপণ কৰিছে। ইয়াৰ উপৰি ২০১৩ চনত ১৫ বিঘা মাটিত নিজাববীয়াকৈ কল, অমিতা আদিৰ খেতিৰ লগতে ৬ বিঘাৰ দুটা পুখুৰীত মীন পালন আৰম্ভ কৰে।

লগতে পঢ়ক : Airtel-ৰ গ্ৰাহকৰ বাবে বেয়া খবৰ; বৃদ্ধি কৰা হ’ল প্ৰি পেইড মাচুল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply