গৃহৰক্ষী কৰ্মী বৰছিং বে’

গুৱাহাটী : এগৰাকী গৃহৰক্ষী কৰ্মীৰ সততা আৰু কৰ্তব্যনিষ্ঠাই এতিয়া সকলোকৰে দৃষ্টি আকৰ্ষণ কৰিছে। কাৰ্বি আংলং জিলাৰ ডিলাই আৰক্ষী থানাত কৰ্মৰত বৰছিং বে’ নামৰ গৃহৰক্ষী কৰ্মী গৰাকীয়ে দাঙি ধৰা এক অনন্য নিৰ্দশনৰ বাবে আৰক্ষীয়ে ১২ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়।

ঘটনা অনুসৰি সোমবাৰে নিশা মণিপুৰৰ মৰেৰ পৰা গুৱাহাটী অভিমুখে আহি থকা MN06B-0511 নম্বৰৰ এখন বাছক ডিলাই থানাৰ অন্তৰ্গত এটা তালাচী চকীত নিয়মীয়া তহলৰ সময়ত বৰছিং বে’ নামৰ গৃহৰক্ষী কৰ্মী গৰাকীয়ে ৰখাবলৈ নিৰ্দেশ দিছিল। তালাচীত বাছখনৰ  দুগৰাকী মহিলা আৰু এজন যুৱকৰ কবলৰ পৰা আৰক্ষীয়ে ১২ কোটি টকাৰ ড্ৰাগছ জব্দ কৰে।

জানিব পৰা মতে, ড্ৰাগছ লুকুৱাই অনা তামিলনাডুৰ দুগৰাকী মহিলা আৰু মণিপুৰৰ যুৱকজনে বৰছিঙক তালাচী নচলাই তেওঁলোকক যাবলৈ দিবলৈ অনুৰোধ কৰিছিল, ইয়াৰ বিনিময়ত গৃহৰক্ষী কৰ্মী গৰাকীক যচা হৈছিল বৃহত পৰিমাণৰ উৎকোচ।

কিন্তু বৰছিঙে উক্ত প্ৰলোভন ল’বলৈ অস্বীকাৰ কৰি এই সম্পৰ্কে আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ ৩ কিলো ওজনৰ হাই কোৱালিটি ড্ৰাগছ জব্দ কৰে, জব্দ কৰা ড্ৰাগছখিনিৰ আন্তৰ্জাতিক বজাৰ মূল্য ১২ কোটি টকা বুলি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই জানিবলৈ দিয়ে।

লগতে পঢ়ক : টকিঅ’ অলিম্পিকৰ পৰা বাদ পৰিল ‘ধিং এক্সপ্ৰেছ’ হিমা?

এই কাৰ্য্যৰ বাবে বৰছিং বে’ক প্ৰশংসা কৰি আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে এক টুইট কৰি কয়, ‘ইয়াত জড়িত তামিলনাডুৰ দুগৰাকী মহিলা আৰু মণিপুৰৰ এজন যুৱক আমাৰ জিম্মাত আছে। ড্ৰাগছ উদ্ধাৰৰ সিংহভাগ কৃতিত্ব হোমগাৰ্ড বৰছিং বে’ৰ। তেওঁলোকক যাবলৈ দিয়াৰ বিনিময়ত তেওঁক মোটা অংকৰ উৎকোচ আগবঢ়োৱা হৈছিল। কিন্তু তেওঁ সেয়া নাকচ কৰে।’

বৰছিঙক তেওঁৰ সততাৰ পুৰস্কাৰ হিচাপে ১ লাখ টকা আগবঢ়োৱা হ’ব বুলিও আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে ঘোষণা কৰে।

ইংৰাজীত পঢ়ক : This Assam home guard’s selfless act led to recovery of drugs worth Rs 12 crore

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,838 other subscribers

Leave a comment

Leave a Reply Cancel reply