নিউজ ডেস্ক : ব্যৱসায়ীক ভিত্তিক কুকুৰা পালনৰ জৰিয়তে এক ভাল উপাৰ্জনৰ পথ মুকলি কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড় জিলাৰ এগৰাকী মহিলা। ডিব্ৰুগড়ৰ খোৱাঙৰ নয়নমনী সোনোৱাল নামৰ মহিলা গৰাকীয়ে কুকুৰা পালনৰ জৰীয়তে মাহে ৫০ হাজাৰ টকাতকৈ অধিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

খোৱাং উন্নয়ণ খণ্ডৰ লেঙেৰী গাওঁ পঞ্চায়তৰ পাহী আত্মসহায়ক গোটৰ সদস্যা নয়নমনী সোনোৱালে চলিত বৰ্ষৰ জানুৱাৰী মাহত বেংকৰ পৰা ৫০,০০০ টকাৰ ঋণ আৰু নিজা জমা পুঁজিসহ মুঠ ১,২০,০০০ টকা বিনিয়োগ কৰি এখন কুকুৰা ফাৰ্ম আৰম্ভ কৰিছিল।

সোনোৱালে তেওঁৰ ফাৰ্মত বৰ্তমান মুঠ ৮৫০ জনী BV 300 জাতৰ কুকুৰা আছে বুলি জানিবলৈ দি কয় যে ৮৫০ জনী কুকুৰাৰ পৰা দৈনিক গড়ে ৭৩০ টা কণী উৎপাদন কৰি তেওঁ দৈনিক ৪১৫০ টকা উপাৰ্যন কৰিববলৈ সক্ষম হৈছে।

উক্ত উপাৰ্যনৰ পৰা দানা তথা ঔষধ আদিৰ বাবদ হোৱা খৰচ বাদ দি দৈনিক ১৭৫০ টকা লাভ থাকে বুলি উল্লেখ কৰি সেই হিচাপত মাহে তেওঁৰ ৫২,৫০০ টকা লাভ হয়। চলিত বৰ্ষৰ জুন মাহলৈকে তেওঁৰ কুকুৰা কণী বিক্ৰী কৰি ৩,১৫,০০০ টকা উপাৰ্জন হৈছে বুলি নয়নমনী সোনোৱালে লগতে জনায়।

উল্লেখযোগ্য যে ক’ভিডৰ বাবে আহি পৰা লকডাউনৰ ফলত বহু লোকৰ বাবে কৰ্ম সংস্থাপনৰ লগতে উপাৰ্জনৰ বাট বন্ধ হৈ পৰিছিল। কিন্তু পৰিস্থিতিৰ ওচৰত হাৰ নামানি নয়নমনী সোনোৱালে লকডাউনৰ মাজতে আৰম্ভ কৰে নিজৰ কুকুৰা ফাৰ্মখন।

বৰ্তমান এই ফাৰ্মেৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰি তোলা নয়নমনী সোনোৱালে নিজৰ পৰিয়ালৰ দায়িত্ব ল’বলৈ সক্ষম হৈছে।

লগতে পঢ়ক : নৱম-দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে বিশেষ পৰীক্ষা অনুষ্ঠিত কৰিব অসম মাধ্যমিক শিক্ষা পৰিষদে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply